শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Airtel ৰ নতুন অফাৰ! ৮৪ দিন হেঁপাহ পলুৱাই কথা পাতক আৰু Amazon Prime ত চাওক চিনেমা

Airtel ৰ নতুন অফাৰ! ৮৪ দিন হেঁপাহ পলুৱাই কথা পাতক আৰু Amazon Prime ত চাওক চিনেমা

barasha-misra
Barasha Misra | Published: 29 Jan 2025 20:11 PM

এয়াৰটেলে দিছে সোণালী সুযোগ। যদি আপুনি এজন এয়াৰটেল ব্যৱহাৰকাৰী তেন্তে এই প্ৰিপেইড প্লেন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। এয়াৰটেলৰ এই প্লেনত বহুতো সুবিধা উপলব্ধ। ইয়াত আপুনি সীমাহীন ভইচ কলিঙৰ সুবিধা আৰু হাই স্পীড ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব ।

এয়াৰটেলৰ ১১৯৯ টকীয়া প্লেনত দিছে যথেষ্ঠ সুবিধা। এই প্লেনত কোনো ধৰণৰ বাধা নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি যিকোনো ব্যক্তিৰ সৈতে কথা পাতিব পাৰিব। আনলিমিটেড ভইচ কলিঙৰ সৈতে অহা এই প্লেনত আপুনি দৈনিক ২.৫জিবি ডাটা ব্যৱহাৰৰ সুযোগ পাব। অৰ্থাৎ আপুনি প্ৰতিদিনে হাই স্পীড ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব।

কোম্পানীয়ে আপোনাক অফলাইন SMSৰ সুবিধাও দিছে। য’ত আপুনি দৈনিক ১০০ টা বিনামূলীয়া এছএমএছ কৰিবলৈ সুবিধা পাব। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল, ইয়াত আপুনি মনোৰঞ্জনৰ বাবে Amazon Prime ৰ বিনামূলীয়া চাবস্ক্ৰিপচনো লাভ কৰিব। ৮৪ দিনৰ বৈধতাৰ সৈতে আপুনি এমাজন প্ৰাইমৰ সৈতে ২২টাতকৈ অধিক অ’টিটি প্লেটফৰ্মৰ চাবস্ক্ৰিপচন লাভ কৰিব।কেৱল ১১৯৯ টকাতে নহয়, এয়াৰটেলে আপোনাক ৯৭৯ (উৱলাসী) টকাৰ প্লেনতো ৮৪ দিনৰ বৈধতা আগবঢ়াইছে।