ভৱিষ্যতৰ যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণ সাজু বায়ু সেনা, ক’লে এয়াৰ মাৰ্শ্বাল ছুৰাট সিঙে
এই অনুষ্ঠানত উপস্থিত থাকি এয়াৰ মাৰ্শ্বাল ছুৰাট সিঙে (এয়াৰ অফিচাৰ কমাণ্ডিং ইনচাৰ্জ এয়াৰ কমাণ্ড, ইষ্টাৰ্ণ) সংবাদ মাধ্যমৰ আগত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ভৱিষ্যতৰ যিকোনো সম্ভাৱ্য পৰিস্থিতিৰ বাবে বায়ুসেনা সম্পূৰ্ণ সাজু বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে।
আজি ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীত দেখা হয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’। দিনৰ প্ৰায় ১২.০০ বজাৰ পৰা লাচিত ঘাটত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেশৰ বহুকেইখন যুদ্ধ বিমানে অনন্য কলা-কৌশল প্ৰদৰ্শন কৰে। ৰাফেল, সুখয়, তেজছ, মিৰাজকে ধৰি ভাৰতীয় বায়ুসেনাৰ বহু অত্যাধুনিক বিমানে অনন্য কলা-কৌশলেৰে বায়ুসেনাৰ শক্তিৰ আভাস দাঙি ধৰে। এই অনুষ্ঠান উপভোগ কৰে হাজাৰ হাজাৰ লোকে।
এই অনুষ্ঠানত উপস্থিত থাকি এয়াৰ মাৰ্শ্বাল ছুৰাট সিঙে (এয়াৰ অফিচাৰ কমাণ্ডিং ইনচাৰ্জ এয়াৰ কমাণ্ড, ইষ্টাৰ্ণ) সংবাদ মাধ্যমৰ আগত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ভৱিষ্যতৰ যিকোনো সম্ভাৱ্য পৰিস্থিতিৰ বাবে বায়ুসেনা সম্পূৰ্ণ সাজু বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে।
Latest Videos
পাকিস্তানৰ বিৰুদ্ধে পোনপটীয়া যুদ্ধৰ বাবে সাজু আফগানিস্তান !
গুৱাহাটীত বায়ুসেনাৰ এয়াৰ শ্ব', ৰাছিয়াৰ নতুন ঘোষণা... দিনটোৰ খবৰ..
বাংলাদেশত পাকিস্তানৰ ISI-ৰ শাখা! হৈছে নেকি ভাৰত বিৰোধী জোঁট গঠন?
স্কুটিৰ দাম ১ লাখ টকা, কিন্তু আৰক্ষীয়ে জৰিমনা বিহিলে ২০ লাখ টকা
