শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সস্তা হ'ব বিমানৰ টিকট, যাত্ৰীৰ সুবিধাৰ্থে চৰকাৰৰ বিশেষ পদক্ষেপ...

সস্তা হ’ব বিমানৰ টিকট, যাত্ৰীৰ সুবিধাৰ্থে চৰকাৰৰ বিশেষ পদক্ষেপ…

trishna-kalita
Trishna Kalita | Published: 25 Dec 2025 21:31 PM

এতিয়া কেৱল ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া বা স্পাইচজেট নহয়, বিমান যাত্ৰাৰ বাবে যাত্ৰীসকলৰ হাতত এতিয়াৰে পৰা একাধিক বিকল্প থাকিব। জানিব পৰা মতে অতি সোনকালে তিনিটা নতুন বিমান সংস্থাই অনুমোদন লাভ কৰিব।

ইণ্ডিগ’ৰ শতাধিক বিমানৰ বিজুতিৰ বাবে দেশৰ বিমান পৰিবহণ ব্যৱস্থা কাৰ্যত স্তব্ধ হৈ পৰিছিল। দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ এনে অৱস্থাই বিপদত পেলাইছে চৰকাৰক। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ। এতিয়া কেৱল ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া বা স্পাইচজেট নহয়, বিমান যাত্ৰাৰ বাবে যাত্ৰীসকলৰ হাতত এতিয়াৰে পৰা একাধিক বিকল্প থাকিব। জানিব পৰা মতে অতি সোনকালে তিনিটা নতুন বিমান সংস্থাই অনুমোদন লাভ কৰিব।

শংখ এয়াৰ, আল হিন্দ এয়াৰ আৰু ফ্লাই এক্সপ্ৰেছ – এই তিনিটা নতুন বিমান সংস্থাই ইতিমধ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰা আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। শীঘ্ৰে তেওঁলোকে বিমান সেৱা আৰম্ভ কৰিব পাৰিব। আৰু যদি তিনিটা নতুন বিমান সংস্থা মুকলি কৰা হয় তেন্তে যাত্ৰীসকলৰ বাবে যথেষ্ট লাভজনক হ’ব।