আধাৰ কাৰ্ড থাকিলেও নহ’ব লাভ! আজিয়ে কৰক এই কাম…

| Edited By: Barasha Misra

Jun 19, 2025 | 8:52 PM

আপোনাৰ আধাৰ কাৰ্ড আছেনে? যদি আছে এই বিশেষ খবৰ আপোনাৰ বাবে। কেতিয়াবা আপোনাৰ আধাৰ কাৰ্ডে কাম নকৰিব পাৰে। ইয়াৰ বাবে সময়ত কিছুমান কাম কৰা প্ৰয়োজন।

আজিকালি প্ৰায় সকলো ক্ষেত্ৰত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। ব্যক্তিগত কোনো কামৰ পৰা আৰম্ভ কৰি চৰকাৰী কামলৈ, সকলোতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। কিন্তু এই আধাৰ কাৰ্ড থাকিলেই সকলো সময়তে সুবিধা নহয়। মাজে মাজে ইয়াৰ আপডেট কৰা প্ৰয়োজন।

বহু ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বিভিন্ন তথ্যত সৰু সৰু ভুল দেখা যায়। আৰু সেই সকলোবোৰ ভুল যদি আছে তেন্তে পিছত সমস্যাৰ সন্মুখীন হ’বও পাৰে। ইয়াৰোপৰি আঙুলিৰ চাপ, ৰেটিনাৰ ছবি আধাৰ কাৰ্ডত এটা নিৰ্দিষ্ট সময়ত আপডেট কৰিব লগা হয়। অন্যথা বেংকৰ লেনদেন কৰোতে সমস্যাৰ সন্মুখীন হ’ব পাৰে। আন আধাৰ কাৰ্ড ভিত্তিক কামৰ সময়তো সমস্যা হ’ব পাৰে।