শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
SRত বিসংগতিৰ অভিযোগত বঙাইগাঁৱত আমছুৰ উত্তাল প্ৰতিবাদ

SRত বিসংগতিৰ অভিযোগত বঙাইগাঁৱত আমছুৰ উত্তাল প্ৰতিবাদ

Trishna Kalita
Trishna Kalita | Updated On: 21 Jan 2026 18:20 PM

SRৰ জৰিয়তে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ। Special Revision(SR)প্ৰক্ৰিয়াত চলি থকা ষড়যন্ত্ৰ, বিসংগতি, অনিয়ম তথা আইন বহিৰ্ভূত কাৰ্যকলাপ আদিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমছু। ৰাজ্যজুৰি প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ।

বঙাইগাঁৱত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি আমছু কৰ্মীয়ে হাতে হাতে পোষ্টাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। বঙাইগাঁৱৰ পাগলাস্থানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনৰ উপস্থিতিত বঙাইগাঁও জিলা আমছুৰ উদ্যোগত অনুষ্ঠিত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

SRৰ জৰিয়তে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ। Special Revision(SR)প্ৰক্ৰিয়াত চলি থকা ষড়যন্ত্ৰ, বিসংগতি, অনিয়ম তথা আইন বহিৰ্ভূত কাৰ্যকলাপ আদিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমছু। ৰাজ্যজুৰি প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ। সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইমতিয়াজ হুছেইনে কয়, “বিজেপি চৰকাৰ গণতন্ত্ৰক হত্যাৰ বাবে উঠিপৰি লাগিছে। জীৱিত মানুহত মৃত ৰূপ দিছে। অচিনাক্ত মানুহ নাম সন্নিবিষ্ট কৰা হৈছে। তাৰ বাবে এই প্ৰতিবাদ কৰিছো।”