শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মুখ্যমন্ত্ৰীয়ে অসমলৈ বাংলাদেশী আনিব চেষ্টা কৰি আছে: আমছুৰ সভাপতিৰ...

মুখ্যমন্ত্ৰীয়ে অসমলৈ বাংলাদেশী আনিব চেষ্টা কৰি আছে: আমছুৰ সভাপতিৰ…

barasha-sarma
Barasha Sarma | Published: 24 Dec 2025 16:05 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ডাঙৰ অভিযোগ আমছুৰ সভাপতিৰ। তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী অনাৰ চেষ্টা কৰি আছে। অসমত ৪০ শতাংশ মুছলমান আছে বুলি কোৱাতো নিন্দাজনক বুলি কয় তেওঁ।

অসমত বাংলাদেশী জনসংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছুৰ সভাপতিয়ে। বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰেজাউল কৰিম সৰকাৰে কয় যে,  মুখ্যমন্ত্ৰীয়ে অসমৰ কোনো মুছলমানক ভাল নাপায়।
মুখ্যমন্ত্ৰীয়ে যে হতাশ হৈছে তেওঁৰ বক্তব্যত এয়া প্ৰমাণ হৈছে। এই কথাক আমি গৰিহনা দিছো।  অসমত ৪০ শতাংশ মুছলমান নাই।

তেওঁ আৰু কয় যে, মুখ্যমন্ত্ৰীয়ে যিদৰে বাংলাদেশৰ সৈতে তুলনা কৰিছে তাক আমি নিন্দা কৰিছো। কোনো মুছলমানক ভাল নাপায় তেওঁ। সেয়া লাগিলে খিলঞ্জীয়া হওক বা বংগীয় হওক বা আন কিবা। তেওঁ অন্যায়, অত্যাচাৰ কৰি অসমৰ মানচিত্ৰ পৰা মুছলমানক নোহোৱা কৰিব বিচাৰিছে। এনে কথা কোৱাৰ আগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যগ কৰা উচিত। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে। তাৰ পাছতো যদি ৪০ শতাংশ আছে বুলি কয় তেন্তে এয়া লাজৰ কথা।

লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে অসমলৈ বাংলাদেশী আনিব চেষ্টা কৰি আছে। অসমৰ ৰাইজে সেয়া বুজা উচিত। কাৰ দ্বাৰা আনিব বিচাৰিছে।

 

সবিশেষৰ বাবে চাওক ভিডিঅ’…