কাম দিয়াৰ প্ৰলোভনেৰে পুৰীত আৱদ্ধ অসমৰ যুৱকক
RHI নামৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে বীৰছিং তেৰাঙৰ পৰা প্ৰৱঞ্চকে আগধন হিচাপেও আদায় লৈছিল বাৰ হাজাৰ টকা। কিন্তু বীৰছিঙক কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে বিগত দুমাহ ধৰি পুৰীৰ নিলাপাৰা চহৰত এটা অট্টালিকাতহে আবদ্ধ কৰি ৰাখিছিল প্ৰৱঞ্চকে।
ওড়িশাৰ পুৰীত উদ্ধাৰ অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিক। কৰ্ম সন্ধানত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা পুৰীলৈ গৈছিল চাৰিম ক্র, ধনছিং ফাংচ, গৌতমছিং ইংহি আৰু বীৰছিং তেৰাং নামৰ শ্ৰমিক কেইজন। তাৰ পিছত আটাইকেইজন শ্ৰমিক আবদ্ধ হৈ পৰিছিল পুৰীৰ নিলাপাৰাত। ইয়াৰে বীৰছিং তেৰাং নামৰ শ্ৰমিকজনে দুমাহ পূৰ্বেই গৈছিল পুৰীলৈ। কিন্তু তাত গৈ প্ৰৱঞ্চকৰ জালত পৰে বীৰছিং তেৰাং নামৰ শ্ৰমিকজন।
RHI নামৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে বীৰছিং তেৰাঙৰ পৰা প্ৰৱঞ্চকে আগধন হিচাপেও আদায় লৈছিল বাৰ হাজাৰ টকা। কিন্তু বীৰছিঙক কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে বিগত দুমাহ ধৰি পুৰীৰ নিলাপাৰা চহৰত এটা অট্টালিকাতহে আবদ্ধ কৰি ৰাখিছিল প্ৰৱঞ্চকে। বীৰছিঙৰ মনত কিছু সন্দেহ হোৱাত তেওঁ অসমলৈ উভতি আহিব বিচাৰে। কিন্তু প্ৰবঞ্চকৰ দলটোয়ে তেওঁক মুকলি কৰি দিয়াৰ বাবদ অসমৰ আন তিনিগৰাকী শ্ৰমিকক যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। নিজৰ প্ৰাণৰক্ষাৰ স্বাৰ্থত বীৰছিঙে খেৰণি অঞ্চলৰ চাৰিম ক্র, ধনছিং ফাংচ আৰু গৌতমছিং ইংহিক পুৰীত কৰ্ম সংস্থাপনৰ দিয়াৰ কথা কৈ পুৰীলৈ মাতি পঠিয়াই।