শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কেনে আছিল আজি শ্বেয়াৰ বজাৰ ? চাওক ভিডিঅ'

কেনে আছিল আজি শ্বেয়াৰ বজাৰ ? চাওক ভিডিঅ’

Raj Saikia
Raj Saikia | Published: 24 Feb 2025 20:12 PM

আজিৰ শ্বেয়াৰ বজাৰত কোন কোন কোম্পানীৰ শ্বেয়াৰৰ উত্থান আৰু পতন হ'ল ? চাওক ভিডিঅ'

আজি সোমবাৰ, ভাৰতীয় শ্বেয়াৰ বজাৰৰ অৱস্থা আজিও শোচনীয় । নিম্নগামী শ্বেয়াৰ বজাৰৰ দুই সূচকাংক । আজি নিফটি ফিফটি ২৪৩ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ৮৫৬ পইন্ট হ্ৰাস পায় বিএছই ছেনছেক্স । ভাৰতীয় বজাৰৰ লগতে আজি নিম্নগামী হয় চীনা সূচকাংক হেংছেং । অৱশ্যে আজি জাৰ্মান সূচকাংক ডেক্স ঊৰ্ধগামী হয় । ক্ৰমাগতভাৱে নিম্নগামী হৈছে টাটা মটৰ্ছ, ওৱাৰ্লপুল ইণ্ডিয়া, টাটা কমিউনিকেশ্যন, ভি আই পি ইণ্ডাষ্ট্ৰীজ, মহিন্দ্ৰা চি আই ই অটোমোটিভৰ শ্বেয়াৰৰ মূল্য । তাৰ মাজতে অৱশ্যে যোৱা ৭ দিনত ১৮ শতাংশ বৃদ্ধি পাইছে জি এছ কে ফাৰ্মাৰ শ্বেয়াৰৰ মূল্য । ১ মাহৰ হিচাপত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ২৪ শতাংশ ।