Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ
আজি সৰ্বোচ্চ ৩.৩৩ শংতাংশ কমিল ইণ্ডাষ্ট্ৰীয়েল ইনভেষ্টমেন্ট ট্ৰাষ্টৰ শ্বেয়াৰৰ দাম । ইয়াৰ বাহিৰেও কমিছে উৰাভি ডিফেন্স এণ্ড টেকন’ল’জীছ, কম্পুকম ছফ্টৱেৰ, ইণ্ডিজেন লিমিটেড আৰু কোষ্টেল কৰ্পৰেশ্যনৰ শ্বেয়াৰৰ দাম ।
আজি ১২ মাৰ্চ, কালি ২৭ শতাংশৰো অধিক কমিছিল ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰৰ দাম । আজি বজাৰ আৰম্ভ হোৱাৰ লগে লগেই ৬০৬ টকা পৰ্যন্ত নিম্নগামী হয় বেংকটোৰ শ্বেয়াৰৰ দাম । তাৰ পাছত ধীৰে ধীৰে ৰিকভাৰ হয় বজাৰ । দিনটোৰ শেষত ১১ মাৰ্চৰ তুলনাত ৪.৪৩ শতাংশ ৰিকভাৰ কৰে ইণ্ডাছইণ্ড বেংকে ।
একেদৰে কালি ষ্টাৰলিংকৰ সৈতে এয়াৰটেলৰ চুক্তিৰ খবৰ প্ৰকাশ পোৱাৰ পাছত ধাৰণা কৰা হৈছিল যে আজি বাঢ়িব পাৰে কোম্পানীটোৰ শ্বেয়াৰৰ দাম । কিন্তু আজি নিম্নগামীহে হয় কোম্পানীটোৰ শ্বেয়াৰৰ ।
ভাৰতৰ দুই বেঞ্চমাৰ্ক সূচক আজি সামান্য নিম্নগামী হ’লেও নিফটি বেংক আৰু বিএছই বেংকেক্স সূচক ঊৰ্ধগামী হয় । আজি সামান্য বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক ।
Latest Videos
২৬ ডিচেম্বৰৰ পৰা বাঢ়িব ৰে'লৰ টিকটৰ দাম, কিমান খৰচ হ’ব?
ভাৰত বিৰোধী শ্ল’গানৰ পৰিণতি ভুগিব বাংলাদেশীয়ে! ল’লে কঠোৰ পদক্ষেপ
আপোনাৰ অজ্ঞাতে কোনোৱে ব্যৱহাৰ কৰিছে নেকি আধাৰ! এইদৰে কৰক পৰীক্ষা
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা ১৯ অনুৰ্ধ এছিয়া কাপলৈ, দিনটোৰ খবৰ
