শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, ১৩১০ পইন্ট বাঢ়িল ছেনছেক্স

ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, ১৩১০ পইন্ট বাঢ়িল ছেনছেক্স

Raj Saikia
Raj Saikia | Published: 11 Apr 2025 19:16 PM

আজি ৪২৯ পইন্ট বাঢ়িছে নিফটি ফিফটি । ইফালে ছেনছেক্স বাঢ়িছে ১৩১০ পইন্ট । ইয়াৰ লগতে আজি বাঢ়িছে দেশৰ প্ৰায় সকলো সূচক ।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে পাৰস্পৰিক শুল্কৰ নতুন তালিকা ঘোষণা কৰাৰ পাছতেই আমেৰিকাৰ লগতে হুৰমূৰকৈ নিম্নগামী হৈছিল সমগ্ৰ পৃথিৱীৰ শ্বেয়াৰ বজাৰ । অৱশ্যে আন দেশৰ তুলনা কিছু সন্তোষজনক স্থিতিত আছিল ভাৰতীয় বজাৰ । কালি ট্ৰাম্পে সেই শুল্ক আৰোপৰ তাৰিখ ৯০ দিন পিছুৱাই দিয়াৰ লগে লগে যেন জপিয়াই উঠিল দেশসমূহৰ শ্বেয়াৰ বজাৰ । ভাৰতত কালি শ্বেয়াৰ বজাৰ বন্ধ থকাত আজি ১১ এপ্ৰিলত বজাৰখন ঊৰ্ধগামী দেখা গৈছে ।

আজি ৪২৯ পইন্ট বাঢ়িছে নিফটি ফিফটি । ইফালে ছেনছেক্স বাঢ়িছে ১৩১০ পইন্ট । ইয়াৰ লগতে আজি বাঢ়িছে দেশৰ প্ৰায় সকলো সূচক । ১৩৫২ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক । ৬২৮ পইন্ট বাঢ়িছে নিফটি স্মলকেপ সূচক । অৱশ্যে ভাৰতৰ বজাৰৰ উত্থানৰ সময়ত আজি নিম্নগামী হৈছে জাপানী সূচক নিক্কেই । আনহাতে চীনা সূচক হেংছেং আজি ২৩২ পইন্ট বৃদ্ধি পায় ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে ত্রেজহাৰা চ’লিউশ্যনছ, কেমলিন ফাইন ছাইন্সেছ, গোল্ডিয়াম ইন্টাৰনেশ্যনেল আৰু বিনানি ইণ্ডাষ্ট্ৰীজ । ইয়াৰ বাহিৰেও আজি বাঢ়িছে গ্রেভিটা ইণ্ডিয়া লিমিটেডৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
বজাৰৰ এই ভাল সময়তো আজি নিম্নগামী হৈছে কেবাটাও কোম্পানীৰ শ্বেয়াৰ । ইয়াৰ মাজতে নিম্ন চাৰ্কিটত স্পৰ্শ কৰিছে ৰাজ টেলিভিশ্যন নেটৱৰ্কে । তাৰোপৰি আজি কমিছে অৰকাশ্যপ, ৰবিন্দৰ হাইটছ. মুথুট ফাইনেন্স, জেনছোল ইঞ্জিনীয়াৰিঙৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি বাৰ্ষিক ফলাফল প্রকাশ কৰিছে পদম কটন ইয়ার্নছে
* প্রতি শ্বেয়াৰত ১ টকা লভ্যাংশ দিছে আশিয়ানা হাউছিঙে
* আজি শ্বেয়াৰে প্রতি ২৬ টকা লভ্যাংশ দিছে ক্রিছিল লিমিটেডে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে চম্বল ফার্টিলাইজার্ছ এণ্ড কেমিকেলছ আৰু কৰমণ্ডল ইন্টাৰনেশ্যনেলে
* আনহাতে আজি কোনো সংস্থাই ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই

১১ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু গৱেষণা কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদন-সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা