PM E-Drive Scheme: এই আঁচনিৰ অধীনত বাহন ক্ৰয় কৰিলে আপুনি লাভ কৰিব ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য…

PM E-Drive Scheme : আপুনিও বাহন ক্ৰয়ৰ কথা ভাবিছে নেকি? তেন্তে আছে এক ভাল খবৰ। কিয়নো চৰকাৰে লৈ আহিছে এক বিশেষ আঁচনি যাৰ অধীনত বাহন ক্ৰয় কৰিলে লাভ কৰিব ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য।

PM E-Drive Scheme: এই আঁচনিৰ অধীনত বাহন ক্ৰয় কৰিলে আপুনি লাভ কৰিব ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য...

টকা

Published: 

07 Apr 2025 11:02 AM

আপুনিও বাহন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো বাহন ক্ৰয় কৰাসকলৰ বাবে কেন্দ্ৰই লৈ আহিছে এক বিশেষ সুবিধা। জানিব পৰা মতে, গাড়ীৰ মালিকক ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য দিব পাৰে কেন্দ্ৰই। অৱশ্যে সকলো গাড়ীৰ ক্ষেত্ৰত নহয়, ইলেট্ৰিক ট্ৰাকৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হ’ব।  মূলতঃ কেন্দ্ৰই কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ ই-ট্ৰাক বা বৈদ্যুতিক ট্ৰাকত অতিৰিক্ত গুৰুত্ব প্ৰদান কৰিছে। সেই সন্দৰ্ভত চৰকাৰে এটা বিশেষ প্ৰকল্পৰ অধীনত গাড়ীৰ মালিকক ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহায্যও প্ৰদান কৰিব।

কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ ইলেক্ট্ৰিক-ড্ৰাইভ ইনহেন্সমেন্ট (Prime Minister Electric-Drive Enhancement) আঁচনিৰ অধীনত এই নতুন ৰাজসাহায্য আঁচনি প্ৰৱৰ্তন কৰিছে। যাৰ জৰিয়তে সমগ্ৰ দেশতে ট্ৰাকৰ মালিকক  ১৯ লাখ টকা পৰ্যন্ত ৰাজসাহায্য হিচাপে প্ৰদান কৰিব পাৰে। সেই ৰাজসাহায্য প্ৰদানৰ বাবে কেন্দ্ৰই ইতিমধ্যে এই প্ৰকল্পৰ অধীনত ৫০০ কোটি টকা আবণ্টন দিছে।

বিশেষজ্ঞসকলে কয় যে চৰকাৰৰ এই পদক্ষেপে অনাগত দিনত পৰিৱেশ উপকৃত কৰিব। বৰ্তমান সময়ত ভয়ংকৰ হাৰত প্ৰদূষণ আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাইছে, গতিকে ইয়ে স্পষ্ট কৰি দিয়ে যে অনাগত দিনত জলবায়ু ভীষণ পৰিবৰ্তন হ’ব। হঠাতে বতৰৰ পৰিৱৰ্তন, অত্যধিক গৰম, বৰষুণ, দুৰ্যোগ, এই সকলোবোৰেই এই জলবায়ু পৰিবৰ্তনৰ ইংগিত। এনে পৰিস্থিতিত চৰকাৰৰ এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি বাণিজ্যিক দৃষ্টিকোণৰ পৰা এই চৰকাৰী সিদ্ধান্তই দেশৰ আগশাৰীৰ বেটাৰী চালিত বাহন নিৰ্মাণ কোম্পানী, যেনে টাটা মটৰ্ছ, অশোক লেলেণ্ড, মহিন্দ্ৰা আদিক লাভৱান কৰিব।

এই সন্দৰ্ভত এতিয়াও কেন্দ্ৰই চূড়ান্ত সিদ্ধান্ত লোৱা নাই।  সূত্ৰ অনুসৰি জানিব পৰা মতে,  গাড়ীখনৰ বেটাৰীৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে ক্ৰেতাক এই ৰাজসাহায্য প্ৰদান কৰিব।  ইয়াৰ বাবে চৰকাৰে দুটা বিকল্পৰ ওচৰত চৰ্চা কৰি আছে-

  • প্ৰথম বিকল্পঃ প্ৰতি কিলোৱাট-ঘন্টা (kWh) ৫,০০০ টকাৰ চাবচিডি দিয়া হ’ব। যিসমূহ বাহনৰ এক্স ফেক্টৰীৰ দাম সৰ্বাধিক ১০ শতাংশলৈকে সীমিত হ’ব। এই হিচাপত ৫৫ টনৰ ট্ৰাকে সৰ্বাধিক ১২.৫ লাখ টকাৰ ৰাজসাহাৰ্য লাভ কৰিব।
  • দ্বিতীয় বিকল্পঃ প্ৰতি কিলোৱাট-ঘণ্টাত ৭৫০০ টকাৰ ৰাজসাহায্য দিয়া হ’ব। যি বাহনৰ মূল্যৰ ১৫ শতাংশলৈকে যাব পাৰে। এই মডেলত ৰাজসাহায্য ১৮.৭ লাখ টকালৈকে যাব পাৰে।

সূত্ৰ অনুসৰি প্ৰথম বিকল্পৰ অধীনত ৫,০০০ তকৈ অধিক ট্ৰাক আৰু দ্বিতীয় বিকল্পৰ অধীনত ৩,৫০০০ তকৈ অধিক ট্ৰাক ইয়াৰ অধীনত আহিব। কিন্তু কোনটো বিকল্প চৰকাৰে গ্ৰহণ কৰে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। চৰকাৰৰ এই সিদ্ধান্তৰ বিপৰীতে  ইলেক্ট্ৰিক ট্ৰাক নিৰ্মাণ কোম্পানীসমূহে কয় যে এই ৰাজসাহাৰ্য পৰ্যাপ্ত নহয়। কিয়নো ইলেক্ট্ৰিক বাছত ৩৫ লাখ টকা পৰ্যন্ত ৰাজসাহায্য দিয়া হয়, গতিকে ট্ৰাকৰ ক্ষেত্ৰতো একেই পৰিমানৰ ৰাজসাহাৰ্য প্ৰদান কৰিব লাগে।

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক