TV9 ASSAM
আমি সততে খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মছলাৰ ৰূপত নহৰু ব্যৱহাৰ কৰোঁ। পিছে এই মছলাবিধৰ গুণৰ কথা বহুলোকেই নাজানে।
নানা পুষ্টিকৰ উপাদানেৰে ভৰপূৰ নহৰু। খালী পেটত মাত্ৰ দুই ফুটা নহৰুৱে আমাৰ দেহত অনন্য উপকাৰিতা সাধন কৰিব পাৰে।
এণ্টিঅক্সিডেণ্ট আৰু চালফাৰৰ দৰে যৌগৰে সমৃদ্ধ নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ ফলত বহু ৰোগৰ পৰা ৰক্ষা পৰে।
কেঁচা নহৰুৱে খালী পেটত খালে হৃদযন্ত্ৰৰ বাবে মহৌষধি হিচাপে প্ৰমাণিত হ’ব পাৰে। ই দেহৰ তেজ গোট মৰাত বাধা দিয়ে। এইদৰে হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা কমে।
নহৰুত থকা চালফাৰ যৌগই আমাৰ দেহক প্ৰাকৃতিকভাৱে বিষমুক্ত কৰাত সহায় কৰে। তদুপৰি নহৰু খালে যকৃতৰ কাৰ্যক্ষমতাও উন্নত হয় বুলি বিশেষজ্ঞই কয়।
নহৰুৰ এণ্টি-মাইক্ৰ’বিয়াল গুণে পেটৰ বিষ, গেছ, এচিডিটি আদি সমস্যা দূৰ কৰে। সেয়ে পুৱা খালী পেটত নহৰু খালে পাচনতন্ত্ৰৰ যিকোনো সমস্যাৰ পৰা ৰক্ষা পৰে।
খালী পেটত নহৰু খালে পেটত থকা বেয়া বেক্টেৰিয়াবোৰ ধ্বংস হয়। লগতে প্ৰতিদিনৰ এই অভ্যাসৰ বাবে পেটত থকা কৃমি মলৰ জৰিয়তে ওলাই আহে।
পিছে কিছুমান ৰোগৰ ক্ষেত্ৰত নহৰু খাব নালাগে। সেয়ে এই অভ্যাস গঢ়ি তোলাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
পঢ়িবলৈ ক্লিক কৰক
ঘৰতে থকা এইকেইবিধ সামগ্ৰীয়ে পৰিষ্কাৰ কৰে তেজ