TV9 ASSAM
আমাৰ দেহৰ পৰিচালনাৰ মূলতে হৈছে মগজু। মগজুৱে দিয়া নিৰ্দেশনা অনুসৰিয়ে আমাৰ দেহে প্ৰতিটো কাৰ্য সম্পাদন কৰে।
সেয়ে মগজুৰ ক্ষমতা অটুট ৰখাৰ প্ৰতি আমি সততে সচেতন হোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিছুমান খাদ্যই মগজুৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।
ওমেগা ৩ ফেটি এচিড সমৃদ্ধ মাছে মগজু সুস্থ কৰি ৰাখে। আমাৰ খাদ্য তালিকাত মাছ অন্তৰ্ভুক্ত কৰিলে পাহৰি যোৱাৰ সমস্যা ‘ডিমেনচিয়া’ ৰোধ হয়।
ডাৰ্ক চকলেটৰ স্বাস্থ্য উপকাৰী গুণৰ কথা প্ৰায়ে শুনা যায়। ই মগজুৰ স্বাস্থ্যও অটুট ৰাখে। ডাৰ্ক চকলেটত থকা মৌলসমূহে মগজুক শক্তি প্ৰদান কৰে।
আলমণ্ডত ওমেগা ৩ আৰু ওমেগা ৬ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। সেয়ে প্ৰতিদিনে পুৱা তিয়াই থোৱা আলমণ্ড খালে মগজু সুস্থ কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰে।
আখৰোটৰ এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী গুণে অক্সিডেটিভ চাপ হ্ৰাস কৰে। লগতে ইয়াত থকা ওমেগা ৩ আৰু পলিফেনলিক যৌগ কাৰ্যক্ষমতা উন্নত কৰাত সহায়ক।
শুনাত আচৰিত লাগিলেও ৰঙালাউৰ গুটিত বহু ভিটামিন, খনিজ পদাৰ্থৰ লগতে ওমেগা ৩ ফেটি এচিড থাকে। ৰঙালাউৰ গুটিত থকা মেগনেছিয়াম মানসিক চাপ দূৰ কৰাত সহায়ক।
পঢ়িবলৈ ক্লিক কৰক
নহৰুৰ এনে গুণে আচৰিত কৰিব আপোনাক!