অন্ত পৰিব ‘ৰোকো’ যুগৰ, অৱসৰ ল’ব কোহলী-ৰোহিতে! কি ক’লে বিচিচিআইয়ে…

চলিত বৰ্ষৰ আই পি এলৰ সময়তে ক্ৰিকেট বিশ্বক হতভম্ব কৰি টেষ্ট ফৰ্মেটৰ পৰা আচম্বিতে অৱসৰ ঘোষণা কৰিছিল ভাৰতীয় দলৰ এই দুগৰাকী তাৰকাই। তাৰ পূৰ্বে বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পিছতে এই চমু ফৰ্মেটটোৰ পৰা ৰোহিত আৰু কোহলীয়ে অৱসৰ ঘোষণা কৰিছিল। এতিয়া কেৱল এদিনীয়া ফৰ্মেটতহে উপলব্ধ দুই তাৰকা।

অন্ত পৰিব ‘ৰোকো’ যুগৰ, অৱসৰ ল’ব কোহলী-ৰোহিতে! কি ক’লে বিচিচিআইয়ে...

Kohli And Rohit

Published: 

23 Aug 2025 15:07 PM

ভাৰতীয় ক্ৰিকেট দলৰ এক সোণালী যময়ৰ চানেকি হৈ পৰিছে ‘ৰোকো’ যুগ। ৰোহিত শৰ্মা আৰু বিৰাট কোহলী, এই দুয়োগৰাকী তাৰকাই ভাৰতীয় ক্ৰিকেটক দিছে বহু সুখকৰ মুহূৰ্ত। পিছে এই সকলো সুখকৰ স্মৃতি এতিয়া মাথো কেৱল চৰ্চাতেই আৱদ্ধ হৈ পৰাৰ দিশে। হয়তো আৰু বেছিদিনলৈ ২২ গজত এনে সুখকৰ ক্ষণৰ সাক্ষী হ’ব নোৱাৰিব ক্ৰিকেটপ্ৰেমী। কিয়নো বয়স বঢ়াৰ লগে লগে এতিয়া ৰোহিত আৰু কোহলীৰ অৱসৰক লৈয়ো চলিছে যথেষ্ট জল্পনা-কল্পনা। বিগত সময়ছোৱাত এই চৰ্চা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

চলিত বৰ্ষৰ আই পি এলৰ সময়তে ক্ৰিকেট বিশ্বক হতভম্ব কৰি টেষ্ট ফৰ্মেটৰ পৰা আচম্বিতে অৱসৰ ঘোষণা কৰিছিল ভাৰতীয় দলৰ এই দুগৰাকী তাৰকাই। তাৰ পূৰ্বে বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পিছতে এই চমু ফৰ্মেটটোৰ পৰা ৰোহিত আৰু কোহলীয়ে অৱসৰ ঘোষণা কৰিছিল। এতিয়া কেৱল এদিনীয়া ফৰ্মেটতহে উপলব্ধ দুই তাৰকা।

কিন্তু বিগত কিছুদিনৰ পৰা ৰোহিত আৰু কোহলীয়ে এদিনীয়া ফৰ্মেটৰ পৰাও অৱসৰ লোৱাৰ পৰিকল্পনা কৰা বুলি আলোচনাৰ সূত্ৰপাত হৈছে। এই সন্দৰ্ভত এতিয়া বিচিচিআইৰ এগৰাকী শীৰ্ষ বিষয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰি চলিত জল্পনা-কল্পনা সন্দৰ্ভত একপ্ৰকাৰে যতি প্ৰদান কৰিছে। এই বিষয়াগৰাকীৰ মতে, কোহলী-ৰোহিতে এতিয়াও অৱসৰৰ পৰিকল্পনা কৰা নাই।

বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই এই মন্তব্য কৰিছে। চলিত ইউ পি টি-২০ লীগৰ সময়ত এক টক শ্ব’ত ৰাজীৱ শুক্লাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ আলোচনাক সম্পূৰ্ণৰূপে খাৰিজ কৰে। দুয়োগৰাকী তাৰকাই এদিনীয়া ক্ৰিকেট খেলি থাকিব বুলি তেওঁ লগতে স্পষ্ট কৰি দিয়ে।

টক শ্ব’টোৰ সময়ত এগৰাকী এংকৰে ৰাজীৱ শুক্লাক শচীন তেণ্ডুলকাৰৰ দৰে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই বিদায় পাব নেকি বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত বিচিচিআইৰ উপ-সভাপতিগৰাকীয়ে ‘যি সময়ত দুইগৰাকী খেলুৱৈয়ে এতিয়াও এদিনীয়া খেলি আছে, তেওঁলোকক লৈ মানুহ কিয় ইমান চিন্তিত হৈছে বুলিহে ওলোটাই প্ৰশ্ন কৰে।

ৰাজীৱ শুক্লাই কয়, “তেওঁলোকে কেতিয়া অৱসৰ ল’লে? ৰোহিত শৰ্মা আৰু বিৰাট কোহলী, দুয়োজনেই এতিয়াও এদিনীয়া খেলি আছে। গতিকে এতিয়াও যেতিয়া খেলি আছে, অৱসৰৰ কথা কিয় আলোচনা হৈছে?” তেওঁ লগতে কয় যে বিচিচিআইয়ে কেতিয়াও কোনো খেলুৱৈক অৱসৰ ল’বলৈ কোৱা নাই। এই সিদ্ধান্ত তেওঁলোকে নিজাকৈ ল’ব লাগিব।

টক শ্ব’ৰ সময়ত ৰাজীৱ শুক্লাই বিৰাট কোহলী এতিয়াও অন্যতম ফিট খেলুৱৈ আৰু ৰোহিত শৰ্মা এজন উৎকৃষ্ট এদিনীয়া খেলুৱৈ বুলি মত প্ৰকাশ কৰে। তেওঁ অনুৰাগীক এই দুগৰাকী খেলুৱৈৰ অৱসৰৰ কথা নাভাবিবলৈও আহ্বান জনায়। “আপোনালোকে অপ্ৰয়োজনীয়ভাৱে চিন্তিত হৈ পৰিছে তেওঁলোকৰ বিদায়ৰ বাবে।”- এইদৰে কয় ৰাজীৱ শুক্লাই।

উল্লেখ্য যে দীৰ্ঘসময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই অহা ১৯ৰ পৰা ২৫ অক্টোবৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত প্ৰত্যাৱৰ্তন ঘটাব। এই অষ্ট্ৰেলিয়া ভ্ৰমণেই তেওঁলোকৰ অন্তিমটো শৃংখলা হ’ব বুলি যোৱা কিছুদিন যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অনুশীলন আৰম্ভ কৰি এই উৰাবাতৰিৰ অন্ত পেলাইছে।

এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
যদি ৰাতি বহু দেৰিলৈকে টোপনি নাহে তেন্তে এই টিপছ গ্ৰহণ কৰক, অনিদ্ৰা সমস্যাৰ পৰা উপশম পাব
হঠাতে হৃদস্পন্দন বৃদ্ধি পালে লগে লগে কি কৰিব লাগে ? জানি লওক...
বৃক্কত পাথৰ কিয় হয়? ইয়াৰ প্ৰাৰম্ভিক লক্ষণ চিকিৎসকৰ পৰা জানক...