দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলালৈ ভাৰতীয় দল ঘোষণা, পুনৰ অধিনায়ক পদত এইগৰাকী তাৰকা, স্থান নহ’ল ৰিয়ানৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিগত কলকাতা টেষ্টত গিলে আঘাত পোৱাৰ বাবে কিছুদিন তেওঁ দলৰ পৰা বাহিৰত থকাটো নিশ্চিত হৈ পৰিছে। গিলৰ লগতে সহঃঅধিনায়ক শ্ৰেয়স আয়াৰো আঘাতৰ বাবে দলৰ পৰা বাহিৰত আছে। এই দুই খেলুৱৈৰ অনুপস্থিতিত এতিয়া ভাৰতীয় এদিনীয়া দলে পাইছে নতুন অধিনায়ক।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলালৈ ভাৰতীয় দল ঘোষণা, পুনৰ অধিনায়ক পদত এইগৰাকী তাৰকা, স্থান নহ’ল ৰিয়ানৰ

ভাৰতীয় ক্ৰিকেট দল

Updated On: 

23 Nov 2025 18:11 PM

গুৱাহাটীৰ বৰ্ষাপাৰাত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট। মেচখনত এক শক্তিশালী স্থিতিত উপনীত হৈছে ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকা। স্বাভাৱিকতেই অসমৰ বুকুত অনুষ্ঠিত হোৱা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত দৃষ্টি নিবদ্ধ হৈ আছে ক্ৰিকেটপ্ৰেমীৰ। এই মেচখনৰ সমান্তৰালকৈ ক্ৰিকেটপ্ৰেমীয়ে অপেক্ষা কৰিছিল এক নতুন ঘোষণালৈ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেই হ’বলগীয়া আগন্তুক এদিনীয়া শৃংখলাৰ বাবে আজি দল ঘোষণা কৰা হ’ব বুলি আগতীয়াকৈ তথ্য প্ৰকাশ কৰা হৈছিল।

সেই অনুসৰি আজি আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হয়। ঘোষিত এই দলটোত দেখা গৈছে এগৰাকী নতুন অধিনায়ক। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিপক্ষে এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছিল শুভমন গিলে।

অধিনায়ক পদলৈ উভতিল এইগৰাকী তাৰকা

কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিগত কলকাতা টেষ্টত গিলে আঘাত পোৱাৰ বাবে কিছুদিন তেওঁ দলৰ পৰা বাহিৰত থকাটো নিশ্চিত হৈ পৰিছে। গিলৰ লগতে সহঃঅধিনায়ক শ্ৰেয়স আয়াৰো আঘাতৰ বাবে দলৰ পৰা বাহিৰত আছে। এই দুই খেলুৱৈৰ অনুপস্থিতিত এতিয়া ভাৰতীয় এদিনীয়া দলৰ দায়িত্ব চম্ভালিব কে এল ৰাহুলে।

অহা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাটোৰ বাবে ৰাহুলৰ নেতৃত্বত ১৪ জনীয়া দল ঘোষণা কৰে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে। ইতিপূৰ্বে অৱশ্যে ৰাহুলে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰাৰ অভিজ্ঞতা আছে। গতিকে গিল আৰু আয়াৰৰ অনুপস্থিতিত তেওঁ হৈ পৰে নিৰ্বাচকৰ প্ৰথম পছন্দ।

প্ৰত্যাৱৰ্তন ঘটিল এইকেইজন খেলুৱৈৰ

দুই অভিজ্ঞ তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক ঘোষিত দলত স্থান দিয়া হৈছে। ইফালে দীৰ্ঘসময়ৰ পিছত দললৈ আমন্ত্ৰণ ঘটিছে ৰুতুৰাজ গায়কোৱাডৰ। তেওঁৰ লগতে ঋষভ পণ্টে আৰু অভিজ্ঞ তাৰকা ৰবীন্দ্ৰ জাদেজাই এদিনীয়া দললৈ ঘটাইছে প্ৰত্যাৱৰ্তন। জাদেজাৰ প্ৰত্যাৱৰ্তন বিশেষকৈ যথেষ্ট আকৰ্ষণীয় হৈ পৰা বুলিব পাৰি।

 

অসম সন্তান ৰিয়ান পৰাগেও দলত স্থান লাভ কৰিব পাৰে বুলি চৰ্চা চলিছিল যদিও নিৰ্বাচকে ১৪ জনীয়া দলত ৰিয়ানৰ নাম বিবেচনা কৰা নাই। অৰ্থাৎ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে ৰিয়ানে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব। দক্ষিণ আফ্ৰিকাৰ বিপক্ষেই টি-২০ শৃংখলাত হয়তো ভাগ্যোদয় ঘটিব পাৰে ৰিয়ানৰ।

ঘোষিত ভাৰতীয় দলটোঃ কে এল ৰাহুল (অধিনায়ক), ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বাৰ্মা, ঋষভ পণ্ট, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰানা, ৰুতুৰাজ গায়কোৱাড, প্ৰসিধ কৃষ্ণ, ধ্ৰুৱ জুৰেল।

প্ৰতিদিনে এটাকৈ ইলাচি খালে কি লাভ হয় জানেনে? জানক...
শীতকালত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়, এই সময়ত গৰ্ভৱতী মহিলাৰ যত্ন কেনেকৈ ল'ব ?
কণীয়ে বঢ়াব আপোনাৰ শক্তি! কণীৰ এইকেইটা গুণৰ বিষয়ে জানেনে?
মিঠাতেল নহয়, কেৱল নাৰিকল তেলে কৰিব পাৰে এই কাম! জানি হ'ব আচৰিত