এইবাৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব গাংগুলীক, স্থান ল’ব এইগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰৰ

এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব গাংগুলীয়ে। লক্ষণীয়ভাৱে শেহতীয়াকৈ গাংগুলীয়ে প্ৰয়োজন হ’লে তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰাৰো ইচ্ছা প্ৰকাশ কৰিছিল। এনে পৰিস্থিতিত তেওঁৰ এই সিদ্ধান্তক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

এইবাৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব গাংগুলীক, স্থান ল’ব এইগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰৰ

সৌৰভ গাংগুলী

Updated On: 

24 Aug 2025 18:06 PM

ক্ৰিকেটীয় জীৱনত আন এক ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট কিংবদন্তি তথা বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ সৌৰভ গাংগুলী খেলুৱৈ তথা ক্ৰীড়া প্ৰশাসক হিচাপে ভূমিকা পালন কৰাৰ পিছত এইবাৰ দলৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকাত দেখা যাব ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়কগৰাকীক শীঘ্ৰেই গাংগুলীক ক্ৰিকেট বিশ্বৰ এক আগশাৰীৰ লীগত মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিবলৈ দেখিবলৈ পোৱা যাব। এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব গাংগুলীয়ে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ গাংগুলীয়ে প্ৰয়োজন লে তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰাৰো ইচ্ছা প্ৰকাশ কৰিছিল। এনে পৰিস্থিতিত তেওঁৰ এই সিদ্ধান্তক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। মুখ্য প্ৰশিক্ষক হিচাপে গাংগুলীয় নতুন দায়িত্ব পালন কৰিব দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগত

এই ক্ৰিকেট লীগৰ দল প্ৰিট’ৰিয়া কেপিটেলছে আগন্তুক সংস্কৰণৰ বাবে সৌৰভ গাংগুলীক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে সামাজিক মাধ্যম যোগে প্ৰিট’ৰিয়া কেপিটেলছে আনুষ্ঠানিকভাৱে গাংগুলীৰ নিযুক্তিৰ কথা ঘোষণা কৰে। গাংগুলীক নতুন মুখ্য প্ৰশিক্ষক হিচাপে ঘোষণা কৰি অত্যন্ত সুখী’ বুলি ফ্ৰেন্সাইজিটোৱে কয়

উল্লেখ্য যে বিগত সংস্কৰণত ইংলেণ্ডৰ প্ৰাক্তন তাৰকা জনাথন ট্ৰটে এই ফ্ৰেন্সাইজিটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল কিন্তু শনিবাৰে তেওঁ পদত্যাগ কৰাৰ পিছতে আজি প্ৰিট’ৰিয়া কেপিটেলছে গাংগুলীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লয় এতিয়া গাংগুলীৰ তত্বাৱধানত আগন্তুক সংস্কৰণত অৱতীৰ্ণ ফ্ৰেন্সাইজিটো

উল্লেখ্য যে চলিত বৰ্ষৰ ২৬ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ২৫ জানুৱাৰীলৈকে দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগ SA20ৰ আগন্তুক ছিজন অনুষ্ঠিত ব। এই প্ৰতিযোগিতাৰ প্ৰথম ছিজনত প্ৰিট’ৰিয়া কেপিটেলছে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল যদিও যোৱা ছিজনত দলটোৰ প্ৰদৰ্শন আছিল অত্যন্ত হতাশাজনক গতিকে গাংগুলীৰ ওপৰত এইবাৰ থাকিব গধুৰ দায়িত্ব

কোষ্ঠকাঠিন্যৰ লগতে আন বহু সমস্যা হ’ব দূৰ, খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইকেইবিধ খাদ্যবস্তু
গণেশৰ প্ৰিয় ৪ ৰাশি, কপাল ফুলিব এইবাৰ গণেশ চতুৰ্থীত...
খোল খাব আপোনাৰ ভাগ্যৰ দুৱাৰ! কৰক এই ৪টা সহজ উপায়...
ফেটি লিভাৰ উন্নত কৰিবলৈ কেনেকুৱা ধৰণৰ খাদ্য খাব পাৰে? জানক