অভেলত ‘মিয়া’ যাদুত থমকিল ইংৰাজ বাহিনীঃ অসম্ভৱক সম্ভৱ কৰি শৃংখলাত সমতা স্থাপন ভাৰতৰ

ভাৰতীয় দলৰ বাবে এই জয় একপ্ৰকাৰে অসম্ভৱ বুলিয়েই ধাৰণা কৰিছিল সকলোৱে। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিলে চিৰাজে, তেওঁক সংগ দিলে প্ৰসিধ কৃষ্ণই।

অভেলত ‘মিয়া’ যাদুত থমকিল ইংৰাজ বাহিনীঃ অসম্ভৱক সম্ভৱ কৰি শৃংখলাত সমতা স্থাপন ভাৰতৰ

অভেলত চমক চিৰাজৰ

Updated On: 

04 Aug 2025 17:03 PM

ক্ৰিকেটত অসম্ভৱ বুলি কোনো কথা নাই। আছে মাথো ধৈৰ্য, সাহস, একাগ্ৰতা আৰু যুঁজাৰু মনোবৃত্তি। ইয়াৰেই প্ৰতিফলন ঘটিল আজি লণ্ডনৰ কেনিংটন অভেল গ্ৰাউণ্ডত। অদমনীয় যুঁজাৰু মনোবৃত্তিৰেই আজি অভেলত ধুমুহা তুলি ভাৰতীয় দলক আকাংক্ষিত বিজয়ৰ সোৱাদ দিলে ‘মিয়া ভাই’ মহম্মদ চিৰাজে। এই জয় ভাৰতীয় দলৰ বাবে একপ্ৰকাৰে অসম্ভৱ বুলিয়েই ধাৰণা কৰিছিল সকলোৱে। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিলে চিৰাজে, তেওঁক সংগ দিলে প্ৰসিধ কৃষ্ণই।

অভেল টেষ্টৰ আজি অন্তিম দিনা ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন হৈছিল মাত্ৰ ৩৫ ৰানৰ। হাতত আছিল ৪টা উইকেট। এনে অৱস্থাত দলটোৰ জয় প্ৰায় নিশ্চিত বুলি ভবা হৈছিল যদিও মহম্মদ চিৰাজৰ দৰ্শনীয় বলিঙৰ সুবাদত ভাৰতীয় দলে ৬ ৰানত জয়লাভ কৰে।

আজি দিনটোৰ আৰম্ভণি অৱশ্যে সফলেই আছিল ইংলেণ্ডৰ বাবে। দিনটোৰ প্ৰথম দুটা বলতে আহিছিল দুটাকৈ বাউণ্ডেৰী। প্ৰসিধ কৃষ্ণৰ এই অভাৰ অন্ত পৰাৰ পিছতে সম্পূৰ্ণ সলনি হৈ পৰিল মেচৰ স্থিতি। হাতত বল লৈ ইংৰাজ বাহিনীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিল মহম্মদ চিৰাজ। দিনটোত নিজৰ প্ৰথমটো অভাৰতে চিৰাজে ভাৰতক দিয়ে প্ৰত্যাশিত সফলতা।

এই অভাৰটোৰ তৃতীয়টো বলত চিৰাজে বিদায় দিয়ে ইংলেণ্ডৰ ইনিংছত বাকী থকা একমাত্ৰ বিশেষজ্ঞ বেটাৰ জেমী স্মিথক। ইয়াৰ পিছতে জয়ৰ সম্ভাৱনা অধিক দৃঢ় হৈ পৰে ভাৰতীয় দলৰ। অধিক মনোবলেৰে খেলপথাৰত দিয়ে যুঁজ। দিনটোত নিজৰ প্ৰথমটো অভাৰত স্মিথক বিদায় দিয়াৰ পিছত নিজৰ দ্বিতীয়টো অভাৰৰ অন্তিমটো বলত চিৰাজে দখল কৰে অভাৰটনৰ উইকেট।

চিৰাজে এই প্ৰথম দুটা সফলতা দিয়াৰ পিছত ভাৰতক তৃতীয়টো সফলতা প্ৰদান কৰে প্ৰসিধ কৃষ্ণই। জ’ছ টংগুৰ উইকেট দখলেৰে প্ৰসিধে অধিক আকৰ্ষণীয় কৰি তোলে মেচৰ স্থিতি। অৱশ্যে ইয়াৰ পিছত হাতত আঘাত লৈ ক্ৰীজত প্ৰৱেশ কৰি ক্ৰীছ ৱ’কছে হৃদয় জয় কৰে সকলোৰে। মাত্ৰ এখন হাতেৰে বেট ধৰি ৱ’কছে পূৰ্ণ চেষ্টা চলায় দলৰ জয়ৰ।

আনহাতে ক্ৰীজত ইংলেণ্ডৰ আশা সজীৱ কৰি যুঁজ অব্যাহত ৰাখে  গাছ এটকিনছনে। অৱশেষত ইংলেণ্ডৰ এই আশা ভংগ কৰি এক নিখুঁত য়ৰ্কাৰেৰে ভাৰতলৈ আকাংক্ষিত বিজয় কঢ়িয়াই আনে চিৰাজে। ইয়াৰ লগে লগে ১-২ ব্যৱধানত পিছ পৰি থকা ভাৰতীয় দলে শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে অভেলত ভাৰতৰ প্ৰথম ইনিংছৰ ২২৪ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ২৪৭ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ভাৰতে দ্বিতীয় ইনিংছত ৩৯৬ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডৰ সমুখত ৩৭৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে। অৱশেষত মহম্মদ চিৰাজৰ নেতৃত্বত ভাৰতীয় বলিং আক্ৰমণে ইংলেণ্ডক ৩৬৭ ৰানত বান্ধি ৰাখি দলক ৬ ৰানত জয় প্ৰদান কৰে।

মেচৰ দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰা চিৰাজে প্ৰথম ইনিংছতো ৪টাসহ মুঠ ৯টা উইকেট দখলেৰে মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। আনহাতে পাঁচখনীয়া মেচৰ এই শৃংখলাটোত চাৰিটা শতকসহ ৭২২ ৰান সংগ্ৰহ কৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিল শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

বহু চেষ্টাৰ পিছতো হাতত ধন নাথাকে নেকি আপোনাৰ? আঁৰত থাকিব পাৰে বাস্তুৰ এই দোষ
নিশা কৰক এই কাম! হাতলৈ আহিব ধন, খোল খাব ভাগ্যৰ দুৱাৰ...
ৰাতিৰ আহাৰ সোনকালে খোৱাটো কিয় প্ৰয়োজন? ৰোধ কৰিব পাৰিব এইসমূহ সমস্যা
ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! এনেকৈ ব্যৱহাৰ কৰক দৈ আৰু বিলাহী...