কিমান সম্পত্তিৰ অধিকাৰী চেটেশ্বৰ পূজাৰা! ক্ৰিকেটৰ লগতে এনে দিশৰ পৰাও উপাৰ্জন কৰে ধন

পিছে যোৱা প্ৰায় দুই বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছিল পূজাৰা। ভাৰতীয় দলৰ পৰা আঁতৰি থাকিলেও অৱশ্যে পূজাৰাৰ উপাৰ্জনৰ কোনো বিশেষ হ্ৰাস হোৱা নাছিল। ঘৰুৱা ক্ৰিকেট আৰু অন্যান্য উৎসৰ পৰা প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে পূজাৰাই।

কিমান সম্পত্তিৰ অধিকাৰী চেটেশ্বৰ পূজাৰা! ক্ৰিকেটৰ লগতে এনে দিশৰ পৰাও উপাৰ্জন কৰে ধন

চেটেশ্বৰ পূজাৰা

Published: 

24 Aug 2025 19:07 PM

ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আজিৰ দিনটো হৈ পৰে এক দুখৰ দিন ক্ৰিকেটপ্ৰেমীৰ মনত একপ্ৰকাৰে দোখবোধৰ সৃষ্টি কৰি আজি নিজৰ বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ সামৰণি পেলোৱা বুলি ঘোষণা কৰে ভাৰতীয় তাৰকা চেটেশ্বৰ পূজাৰাই সুদীৰ্ঘ ২০ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত পূজাৰাই অনন্য সফলতাৰে ক্ৰিকেট বিশ্বত দখল কৰিছে এক সুকীয়া স্থান বিশেষকৈ টেষ্ট ক্ৰিকেটত নিজৰ অসীম ধৈৰ্য আৰু ৰক্ষণাত্মক শৈলীৰ বাবে সমগ্ৰ ক্ৰিকেট বিশ্বত প্ৰশংসিত হৈ পৰিছিল পূজাৰা

এই বিশেষ শৈলীৰ বাবে ভাৰতীয় টেষ্ট দলৰ অন্যতম এক শক্তি হিচাপে বিবেচিত হৈছিল তাৰকাগৰাকী আজি পূজাৰাই নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰৰ ঘোষণা কৰে। উল্লেখ্য যে পূজাৰাই ২০০৫ চনত ঘৰুৱা ক্ৰিকেটত আৰু ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল

পিছে যোৱা প্ৰায় দুই বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছিল পূজাৰা ভাৰতীয় দলৰ পৰা আঁতৰি থাকিলেও অৱশ্যে পূজাৰাৰ উপাৰ্জনৰ কোনো বিশেষ হ্ৰাস হোৱা নাছিল। ঘৰুৱা ক্ৰিকেট আৰু অন্যান্য উৎসৰ পৰা প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে পূজাৰাই।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চেতেশ্বৰ পূজাৰাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৪ কোটি টকা। ঘৰুৱা ক্ৰিকেট আৰু বিজ্ঞাপনৰ জৰিয়তে তেওঁৰ আয় প্ৰায় ১৫ লাখ টকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আনহাতে আই পি এলত সুযোগ পোৱা নাই যদিও পূজাৰাৰ ব্ৰেণ্ড মূল্যৰো কোনো বিশেষ হ্ৰাস হোৱা নাই।

ভাৰতীয় দলৰ পৰা বাহিৰত থাকিলেও অৱশ্যে ঘৰুৱা ক্ৰিকেটত মনোনিৱেশ কৰি আহিছে পূজাৰাই সৌৰাষ্ট্ৰৰ হৈ তেওঁ ধাৰাবাহিকভাৱে ৰঞ্জি ট্ৰফীৰ দৰে প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ইয়াৰ সুবাদত তেওঁ প্ৰতিটো ছিজনতে ভাল পাৰিশ্ৰমিক আদায় কৰে।

বিচিচিআইৰ পৰা ঘৰুৱা ক্ৰিকেট খেলা খেলুৱৈসকলে লাভ কৰা মাচুল আৰু মেচ মাচুলো তেওঁৰ আয়ৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ লগতে কিছুমান স্থানীয় আৰু ৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে জড়িত বিজ্ঞাপনৰ পৰাও তেওঁ যথেষ্ট ধন উপাৰ্জন কৰে। এক সাধাৰণ জীৱনশৈলী যাপন কৰা পূজাৰাৰ সংগ্ৰহত কোনো বৃহৎ ব্ৰেণ্ডৰ বাহন নাই যদিও তেওঁৰ গেৰেজত নিশ্চিতভাৱে অ’ডি আৰু ফৰ্ডৰ দৰে ব্ৰেণ্ডৰ গাড়ী আছে।

আপোনাৰ ঘৰতো আছে নেকি লাফিং বুদ্ধৰ মূৰ্তি? পিছে শুভ নে অশুভ এয়া!
আপোনাৰ সন্তানেও কেতিয়াবা কৈছে নেকি কাণৰ বিষৰ কথা? এনে ঘৰুৱা উপায়ে দিব সকাহ
বহু সময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখে নেকি? হ’ব পাৰে এইসমূহ ৰোগ…
বিৰল সংযোগ, গণেশ চতুৰ্থীত এই ৩ ৰাশিৰ উদয় হ'ব ভাগ্য!