এনে ঘৰুৱা উপায়ে তাৎক্ষণিক উপশম কৰিব শিশুৰ কাণৰ বিষ

25 Aug 2025

TV9 ASSAM

প্ৰায়ে শিশুৱে নিশাৰ সময়ত কাণৰ বিষ হোৱা বুলি কান্দি উঠা দেখা যায়। কাণত জমা হোৱা মলি, ফোঁহা বা এলাৰ্জি ইয়াৰ কাৰণ হ’ব পাৰে।

কাণৰ বিষ

যদিও কাণৰ বিষৰ বাবে বহুতো ঔষধ উপলব্ধ, ৰাতি যদি হঠাৎ বিষ হ’লে ঘৰুৱা উপায় কিছুমানো অৱলম্বন কৰিব পাৰে। এইবিষয়ে জানো আহক।

ঘৰুৱা উপায়

অলিভ অইল এইক্ষেত্ৰত যথেষ্ট সহায়ক। ইয়াৰ বাবে অলিভ অইল অলপ গৰম কৰি কপাহ বা ইয়াৰবাডৰ সহায়ত কাণৰ ভিতৰত লগাব লাগে।

অলিভ অইল

কাণৰ বিষৰ বাবে আইচ কম্প্ৰেছ উপযোগী হ’ব পাৰে। ইয়াৰ বাবে বৰফৰ টুকুৰা এটা লৈ কাপোৰেৰে মেৰিয়াই লগাব লাগে। অৱশ্যে বেছি সময় এই কাম নকৰিব।

বৰফ

তুলসীত ৰোগ প্ৰতিৰোধী গুণ পোৱা যায়। কাণৰ বিষৰ বাবে তুলসী পাতৰ ৰস উলিয়াই তাৰ কেইটোপালমান কাণত দিব লাগে। ইয়াৰ ফলত ক্ৰমান্বয়ে বিষৰ পৰা উপশম পাব।

তুলসী

ৰাতি যদি শিশুৰ কাণত হঠাৎ বিষ হয়, তেতিয়া মেথি গুটি পানীত সিজাই সামান্য পানী কাণত দিব পাৰে। ইয়াৰ দ্বাৰা কম সময়ৰ ভিতৰতে বিষৰ পৰা সকাহ পাব।

মেথিৰ পানী

অৱশ্যে স্বাস্থ্য সংক্ৰান্তীয় তথ্যৰ পৰা আহৰণ কৰা এইসমূহ কিছুমান সাধাৰণ উপায়হে। সম্ভৱ হ’লে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

এনে খাদ্যই দূৰ কৰে পেটৰ বহু সমস্যা