বহু সময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখে নেকি? 

25 AUG 2025

Credits: Getty Images

TV9 ASSAM

শৰীৰৰ পৰা পানীৰ লগতে শৰীৰৰ আৱৰ্জনা আঁতৰোৱা প্ৰক্ৰিয়াটোৱেই হৈছে প্ৰস্ৰাৱ।

প্ৰস্ৰাৱ 

কাম, বাহিৰত শৌচাগাৰৰ সুবিধা নথকাৰ বাবে বা আন কোনো কাৰণত বহু লোকে প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখে। বিশেষজ্ঞসকলে কয় যে এই অভ্যাস একেবাৰে ভাল নহয়।

প্ৰস্ৰাৱ ধৰি ৰখা 

বাৰে বাৰে এনে কৰিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। আনকি দীৰ্ঘকালীনভাৱে এনে কৰিলে বৃক্কত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰিব পাৰে। কি হয় জানেনে?

কি হয়

প্ৰস্ৰাৱ ধৰি ৰখাৰ বাবে মূত্ৰাশয় বাৰে বাৰে প্ৰসাৰিত হ’লে ইয়াৰ পেশীবোৰ দুৰ্বল হৈ পৰে। ফলত ভৱিষ্যতে মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী কৰাটো কঠিন হৈ পৰে।

মূত্ৰাশয়ত প্ৰভাৱ

প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিলে মূত্ৰনলীত বীজাণু বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ হয়। লক্ষণসমূহ হ’ল- প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ কৰা, পেটৰ তলৰ অংশত বিষ হোৱা ইত্যাদি।

সংক্ৰমণ

প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত আটাইতকৈ ডাঙৰ ক্ষতি হয় বৃক্ক। যদি মূত্ৰাশয়ত অতিৰিক্ত চাপৰ সৃষ্টি হয় তেন্তে প্ৰস্ৰাৱ বিপৰীত দিশত বৃক্কৰ ফালে বৈ যাব পাৰে (vesicoureteral reflux)। ইয়াৰ ফলত বৃক্কৰ সংক্ৰমণ হয়।

 বৃক্কত প্ৰভাৱ

প্ৰস্ৰাৱ জমা হোৱাৰ বাবে শৰীৰত আৱৰ্জনা আৰু খনিজ পদাৰ্থ সময়মতে নিৰ্গত নহয়। ইয়াৰ ফলত প্ৰস্ৰাৱ ঘন হয় আৰু বৃক্ক বা মূত্ৰাশয়ত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

পাথৰ হোৱাৰ আশংকা

মানসিক চাপৰ পৰা মুক্ত হ'ব বিচাৰে নেকি? 

চাবলৈ ক্লিক কৰক