ভাৰতীয় জাৰ্চিত আৰু দেখা নাযাব Dream 11, কোনে ল’ব স্থান! পোহৰলৈ আহিছে এই খবৰ
Dream 11 এতিয়া ভাৰতীয় দলৰ জাৰ্চিৰ মুখ্য স্প’নচৰ নহ’ব বুলি খবৰ প্ৰকাশ পাইছে। সেয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে Dream 11ৰ ৩৫৮ কোটি টকাৰ চুক্তি ভংগ হ’ব পাৰে।

সলনি হ’ব পাৰে ভাৰতীয় দলৰ জাৰ্চি
এছিয়া কাপ ৫ৰ বাবে মাজত আৰু মাত্ৰ কেইটামান দিন। ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। পিছে এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ জাৰ্চিত দেখা যাব পাৰে বৃহৎ পৰিৱৰ্তন। প্ৰকাশিত খবৰ অনুসৰি ফেণ্টাচি স্প’ৰ্টছ প্লেটফৰ্ম Dream 11 ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ মুখ্য স্প’নচৰশ্বিপৰ পৰা বাদ পৰিব পাৰে। সংসদত অনলাইন গেমিং বিল গৃহীত হোৱাৰ পিছতে এতিয়া অনলাইন ধন ঘটা গেম নিষিদ্ধ কৰা হৈছে। ইয়াৰ ফলত Dream 11 গেমো সমস্যাৰ সন্মুখীন হৈছে।
এনে পৰিস্থিতিতে এতিয়া Dream 11 ভাৰতীয় দলৰ জাৰ্চিৰ মুখ্য স্প’নচৰ নহ’ব বুলি খবৰ প্ৰকাশ পাইছে। সেয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে Dream 11ৰ ৩৫৮ কোটি টকাৰ চুক্তি ভংগ হ’ব পাৰে। লগতে এছিয়া কাপ ২০২৫তো ভাৰতীয় দলৰ জাৰ্চি সলনি হ’ব পাৰে। গতিকে এছিয়া কাপৰ সময়ত ভাৰতীয় দলৰ জাৰ্চিত মুখ্য স্প’নচৰ হিচাপে কাৰ নাম ছপা হ’ব, সেই লৈ চলিছে আলোচনা।
প্ৰকাশিত খবৰ অনুসৰি একাংশ কোম্পানীয়ে ভাৰতীয় দলৰ জাৰ্চিৰ স্প’নচৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এই বিষয়ত বিচিচিআইয়ে হয়তো শীঘ্ৰেই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। জানিব পৰা মতে, টাটা গ্ৰুপ, ৰিলায়েন্স আৰু আদানি গ্ৰুপৰ দৰে আগশাৰীৰ কোম্পানীসমূহে স্প’নচৰৰ ক্ষেত্ৰত প্ৰতিদ্বন্দিতাত নামিছে।
ইতিমধ্যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অফিচিয়েল স্প’নচৰ হিচাপে ভাৰতীয় ক্ৰিকেটত এক বিশেষ ভূমিকা পালন কৰি আহিছে টাটাই। ইফালে ৰিলায়েন্স জিঅ’ই ক্ৰীড়াৰ সম্প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ বিপৰীতে আদানী গ্ৰুপে দেশৰ ক্ৰীড়া উদ্যোগত বৃহৎ বিনিয়োগ কৰিছে।
টাটা, ৰিলায়েন্স আৰু আদানি গ্ৰুপৰ উপৰিও ফিনটেক কোম্পানীসমূহেও ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত জিৰোধা, এঞ্জেল ৱান আৰু গ্ৰ’ৰ দৰে কোম্পানীও আছে। ডিজিটেল ৰূপত এই কোম্পানীসমূহ অতি শক্তিশালী। ইয়াৰ উপৰিও অটোমোবাইল আৰু এফএমচিজি খণ্ডও এইক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে।
কেৱল সিমানেই নহয়, ক্ৰীড়াৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা পেপচিৰ দৰে এফএমচিজি ব্ৰেণ্ডেও এইক্ষেত্ৰত ভুমূকি মৰাৰ সম্ভাৱনা আছে। ইফালে এই চৰ্চাৰ মাজতে বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই Dream 11 সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেশৰ আইন মানি চলিব বুলি স্পষ্ট কৰি দিছে দেৱজিৎ শইকীয়াই।
জাৰ্চিৰ স্প’নচৰ সন্দৰ্ভত ব’ৰ্ডে শীঘ্ৰে সিদ্ধান্ত ল’ব বুলিও তেওঁ লগতে কয়। অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। যদি তাৰ পূৰ্বে বিচিচিআইয়ে নতুন স্প’নচৰ লাভ নকৰে, তেতিয়া স্প’নচৰ অবিহনেই ভাৰতে প্ৰতিযোগিতাত অংশ ল’ব। উল্লেখ্য যে ২০২৩ চনত Dream 11- এ বিচিচিআইৰ সৈতে ৩৫৮ কোটি টকাৰ চুক্তি সম্পাদন কৰিছিল।