ৱেষ্ট ইণ্ডিজক ক্লীপ ছুইপ কৰিও উত্তৰণ নঘটিল ভাৰতৰ! এইবাৰো পূৰণ নহ’ব নেকি শ্ৰেষ্ঠত্বৰ স্বপ্ন?
শৃংখলাটোত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় দলে সুদীৰ্ঘ এবছৰৰ পিছত টেষ্ট শৃংখলা জয়ৰ সোৱাদ লাভ কৰিছে। পিছে কেৰিবিয়ান বাহিনীক ক্লীন ছুইপ কৰাৰ পিছতো ভাৰতীয় দলে ঘটাব নোৱাৰিলে উত্তৰণ।

ভাৰতীয় ক্ৰিকেট দল
আজি অন্ত পৰে ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজৰ টেষ্ট শৃংখলা। দুখনীয়া মেচৰ এই টেষ্ট শৃংখলাটোত ভাৰতীয় দলে ভ্ৰমণকাৰী দলটোক ক্লীন ছুইপ কৰে। আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত ইনিংছ ব্যৱধানত জয়ী হোৱাৰ পিছত দিল্লীত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টতো ভাৰতে ৭ উইকেটত জয়লাভ কৰে। শৃংখলাটোত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় দলে সুদীৰ্ঘ এবছৰৰ পিছত টেষ্ট শৃংখলা জয়ৰ সোৱাদ লাভ কৰিছে। পিছে কেৰিবিয়ান বাহিনীক ক্লীন ছুইপ কৰাৰ পিছতো ভাৰতীয় দলে ঘটাব নোৱাৰিলে উত্তৰণ।
WTC পইণ্ট টেবুলত পূৰ্বৰ স্থানতে ভাৰত
ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দুয়োখন টেষ্টত জয়লাভ কৰিলেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত উত্তৰণ ঘটা নাই ভাৰতৰ স্থান। এতিয়াও ভাৰত পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানৰ পৰা বাহিৰত অৱস্থান কৰিছে। এই টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলে WTC পইণ্ট তালিকাত তৃতীয় স্থান লাভ কৰিছিল।
এতিয়া শৃংখলাৰ সমাপ্তিৰ পিছতো একে স্থানতে আছে ভাৰত। অৱশ্যে স্থানৰ উত্তৰণ নঘটিলেও জয়ৰ শতাংশ নিশ্চিতভাৱে বৃদ্ধি পাইছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে ৪৬.৬৭ ৰ জয়ৰ শতকৰা হাৰ এতিয়া শৃংখলা শেষ হোৱাৰ পিছত ৬১.৯০ লৈ বৃদ্ধি পাইছে। চলিত WTC ছিজনত ভাৰতে এতিয়ালৈকে ৭ খন মেচ খেলিছে। ইয়াৰে ৪ খনত জয়, ২ খন পৰাস্ত আৰু ১ খন ড্ৰ’ খেলিছে।
শীৰ্ষত এই দুটা দল
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ পইণ্ট তালিকাত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা শীৰ্ষ দুটা স্থানত আছে। অষ্ট্ৰেলিয়াই ১০০ শতাংশ জয়ৰ হাৰেৰে শীৰ্ষত আৰু শ্ৰীলংকাই ৬৬.৬৭ শতাংশ জয়েৰে দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়াই এতিয়ালৈকে তিনিখন মেচ খেলি আটাইকেইখনত জয়লাভ কৰিছে। আনহাতে শ্ৰীলংকাই দুখন মেচৰ ভিতৰত এখনত জয়ী হোৱাৰ লগতে এখন ড্ৰ’ হৈছে।
ৱেষ্ট ইণ্ডিজৰ স্থান
ভাৰতৰ বিপক্ষে ক্লীন ছুইপ হোৱা ৱেষ্ট ইণ্ডিজে এই পৰ্যন্ত ৫ খন টেষ্ট খেলিছে আৰু আটাইকেইখনতে পৰাস্ত হৈছে। পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে ৱেষ্ট ইণ্ডিজ। আনহাতে ৪৩.৩৩ শতাংশ জয়ৰ হাৰেৰে চতুৰ্থ স্থানত আছে ইংলেণ্ড। বাংলাদেশ আছে তালিকাৰ পঞ্চম স্থানত। এইপৰ্যন্ত অভিযান আৰম্ভ কৰা নাই ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাই।
উল্লেখ্য যে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম দুয়োটা সংস্কৰণত ফাইনেলত প্ৰৱেশ কৰিছিল যদিও শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পৰা নাছিল। প্ৰথম সংস্কৰণত নিউজিলেণ্ডৰ বিপক্ষে আৰু দ্বিতীয় সংস্কৰণত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাস্ত হৈছিল ভাৰতীয় দল। আনহাতে তৃতীয় তথা বিগত সংস্কৰণত ভাৰত তৃতীয় স্থানত আছিল।