ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীলৈ সুখবৰঃ গুৱাহাটীত হ’ব বিশ্বকাপৰ মেচ; কেতিয়া আৰু কাৰ মাজত হ’ব মেচ, চাওক

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে স্বচক্ষুৱে ষ্টেডিয়ামৰ গেলাৰীত বহি এতিয়া উপভোগ কৰিব পাৰিব বিশ্বকাপৰ মেচ। আইচিচিয়ে মুকলি কৰিছে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ সূচী। অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই বিশ্বকাপ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ চাৰিখন মেচৰ লগতে এখন ছেমিফাইনেলো অনুষ্ঠিত হ’ব।

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীলৈ সুখবৰঃ গুৱাহাটীত হ’ব বিশ্বকাপৰ মেচ; কেতিয়া আৰু কাৰ মাজত হ’ব মেচ, চাওক

বৰ্ষাপাৰাত hহ’ব বিশ্বকাপৰ মেচ

Updated On: 

16 Jun 2025 11:30 AM

ৰাজ্যৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে অত্যন্ত এক আনন্দৰ খবৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিয়ে প্ৰকাশ কৰা আগন্তুক বিশ্বকাপৰ সূচীয়ে অনুৰাগীসকললৈ এক আকাংক্ষিত ক্ষণ কঢ়িয়াই আনিছে। এই সূচী অনুসৰি ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে স্বচক্ষুৱে ষ্টেডিয়ামৰ গেলাৰীত বহি এতিয়া উপভোগ কৰিব পাৰিব বিশ্বকাপৰ মেচ। আইচিচিয়ে মুকলি কৰিছে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ সূচী। অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই বিশ্বকাপ। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে এই বিশ্বকাপৰ আয়োজন কৰিব।

বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আয়োজক ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব বিশ্বকাপৰ প্ৰথমখন মেচ। চিন্নাস্বামীৰ লগতে গুৱাহাটীৰ বৰ্ষাপাৰা, ইন্দোৰৰ হোলকাৰ ষ্টেডিয়াম, বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ষ্টেডিয়াম আৰু কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব। ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তানে আগন্তুক এই বিশ্বকাপত প্ৰতিদ্বন্দিতা আগবঢ়াব।

প্ৰতিযোগিতাৰ ঘোষিত সূচী অনুসৰি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামে লীগ পৰ্যায়ৰ চাৰিখন মেচ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে। তদুপৰি প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলৰ বাবেও বৰ্ষাপাৰাক আয়োজন স্বত্ব দিয়া হৈছে। অৱশ্যে পাকিস্তানে যদি এই প্ৰথমখন ছেমিত স্থান নিশ্চিত কৰে, তেতিয়া মেচৰ স্থান সলনি হ’ব পাৰে আৰু শ্ৰীলংকাত এই মেচ অনুষ্ঠিত হ’ব।

গুৱাহাটীত ৭ অক্টোবৰত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। এই মেচখনত মুখামুখি হ’ব ইংলেণ্ড আৰু বাংলাদেশ। বিয়লি ৩ বজাৰ পৰা এই মেচখন আৰম্ভ হ’ব। ইয়াৰ পিছত ১১ অক্টোবৰত ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন মেচ। এই মেচখনো বিয়লি ৩ বজাৰ পৰাই আৰম্ভ হ’ব। আনহাতে ২৩ অক্টোবৰত অনুৰাগীয়ে উপভোগ কৰিব পাৰিব ভাৰতীয় দলৰ মেচ।

ভাৰতীয় দলে এই মেচখন নিউজিলেণ্ডৰ বিপক্ষে খেলিব। এই মেচখনো পূৰ্বৰ কেইখন মেচৰ দৰে ৩ বজাৰ পৰাই আৰম্ভ হ’ব। লীগ পৰ্যায়ৰ অন্তিম দিনটোত অৰ্থাৎ ২৬ অক্টোবৰত চতুৰ্থখন মেচ অনুষ্ঠিত হ’ব। এই মেচখনত প্ৰতিদ্বন্দিতাত নামিব ইংলেণ্ড আৰু নিউজিলেণ্ড। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ। এইদৰে গুৱাহাটীত চাৰিখন বিশ্বকাপ মেচৰ আনন্দ উপভো কৰিব পাৰিব ৰাজ্যৰ ক্ৰিকেট অনুৰাগীয়ে।

প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল ২৯ অক্টোবৰত আৰু দ্বিতীয়খন ছেমিফাইনেল ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। ৰাউণ্ড ৰবিন পৰ্যায়ৰ পৰা শীৰ্ষ চাৰিটা দলে ছেমিফাইনেললৈ আগবাঢ়িব। প্ৰথম স্থানৰ দলটোৱে চতুৰ্থ স্থানৰ দলৰ বিপক্ষে আৰু দ্বিতীয় স্থানৰ দলটোৱে তৃতীয় স্থানৰ দলটোৰ বিপক্ষে খেলিব। আনহাতে ২ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব।

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?