শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানে ভুগিলে কৰ্মফল! বাংলাদেশে ৰচিলে ইতিহাস, বিধ্বস্ত পাকিস্তান

টেষ্ট ক্ৰিকেটত আজি পাকিস্তানৰ বিপক্ষে প্ৰথমবাৰৰ বাবে জয়ৰ সোৱাদ লাভ কৰিছে বাংলাদেশে। চমকপ্ৰদ প্ৰদৰ্শনেৰে আজি বাংলাদেশে ৰাৱালপিণ্ডিত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত পাকিস্তানক ১০ উইকেটত পৰাস্ত কৰে। এই জয়েৰে দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে বাংলাদেশে।

পাকিস্তানে ভুগিলে কৰ্মফল! বাংলাদেশে ৰচিলে ইতিহাস, বিধ্বস্ত পাকিস্তান
পাকিস্তানক পৰাস্ত কৰিলে বাংলাদেশে
monjit-dutta
Monjit Dutta | Published: 25 Aug 2024 18:40 PM

ৰাজনৈতিক ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱা বাংলাদেশে আজি ক্ৰীড়াক্ষেত্ৰত ৰচিছে ইতিহাস। পাকিস্তানৰ বিপক্ষে আজি প্ৰথমবাৰৰ বাবে টেষ্টত জয়ৰ সোৱাদ লাভ কৰিছে বাংলাদেশে। চমকপ্ৰদ প্ৰদৰ্শনেৰে আজি বাংলাদেশে ৰাৱালপিণ্ডিত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত পাকিস্তানক ১০ উইকেটত পৰাস্ত কৰে। এইদৰে পাকিস্তানৰ বিপক্ষে ১৩খন টেষ্টত হতাশাজনক পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ১৪ সংখ্যক টেষ্টত বাংলাদেশে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হয়। এই জয়েৰে দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে বাংলাদেশে।

উল্লেখ যে মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে প্ৰথম ইনিংছত ৬ উইকেটত ৪৪৮ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল। দলটোৰ হৈ ছাকিলে ১৪১ আৰু ৰিজৱানে ১৭১ ৰানৰ চমকপ্ৰদ শতকীয় ইনিংছ খেলিছিল। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে দলৰ অভিজ্ঞ তাৰকা মুছফিকুৰ ৰহিমৰ দৰ্শনীয় ১৯১ ৰাণৰ ইনিংছৰ সহায়েৰে ৫৬৫ ৰাণ সংগ্ৰহ কৰি ১১৭ ৰানৰ অগ্ৰগতি লাভ কৰিছিল।

ইয়াৰ পিছতে পাকিস্তানে দ্বিতীয় ইনিংছ আৰম্ভ কৰে যদিও বাংলাদেশৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰে দলটো। বাংলাদেশৰ স্পিন শক্তি পাকিস্তানৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে। বিশেষকৈ দুই স্পিনাৰ ছাকিব আল হাছান আৰু মেহেদী হাছান মিৰাজৰ স্পিন ঘূৰ্ণীত বিধ্বস্ত হৈ পৰে পাক বেটিং লাইন আপ। দলটোৰ চাৰিগৰাকী বেটাৰেহে মাত্ৰ দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়।

প্ৰথম ইনিংছত ১৭১ ৰানৰ দৰ্শনীয় ইনিংছ খেলা ৰিজৱানে দ্বিতীয় ইনিংছতো যুঁজাৰু ৫১ ৰান সংগ্ৰহ কৰে। অপেনাৰ ছাফিকৰ বেটৰ পৰা আহে দ্বিতীয় সৰ্বোচ্চ ৩৭ ৰান। বাংলাদেশৰ হৈ ছাকিবে ৪৪ ৰানত ৩টা আৰু মিৰাজে মাত্ৰ ২১ ৰানতে ৪টা উইকেট দখল কৰি পাকিস্তানৰ বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰে। এনে শক্তিশালী বলিং প্ৰদৰ্শনৰ সুবাদত বাংলাদেশে জয়ৰ বাবে লাভ কৰে মাত্ৰ ৩০ ৰাণৰ লক্ষ্য।

এই সহজ লক্ষ্য বাংলাদেশৰ অপেনাৰদ্বয় জাকিৰ হাছান আৰু ছাদমান ইছলামে কোনো হানি নঘটাকৈয়ে অতিক্ৰম কৰে আৰু বাংলাদেশক ১০ উইকেটত ঐতিহাসিক জয়ৰ সোৱাদ দিয়ে। এক কথাত প্ৰথম ইনিংছত পাকিস্তানৰ ইনিংছ ঘোষণাৰ সিদ্ধান্তই দলটোক পৰাজয়ৰ মুখলৈ ঠেলি দিয়ে। প্ৰথম ইনিংছত চমকপ্ৰদ ১৯১ ৰানৰ ইনিংছ খেলা মুছফিকুৰে লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব।

উল্লেখ্য যে ২৫ বছৰ পূৰ্বে বাংলাদেশে প্ৰথমবাৰ পাকিস্তানৰ বিপক্ষে এদিনীয়াত বিজয় সাব্যস্ত কৰিছিল। ১৯৯৯ চনৰ বিশ্বকাপৰ মেচত পাকিস্তানৰ বিপক্ষে এই ঐতিহাসিক বিজয় লাভ কৰিছিল বাংলাদেশে।  এই ঐতিহাসিক জয়ৰ ২৫ বছৰ পিছত আজি টেষ্ট ফৰ্মেটত জয়েৰে ইতিহাস সৃষ্টি কৰিছে বাংলাদেশ ক্ৰিকেট দলে।