T20 World Cup 2026: ভাৰতৰ বিৰুদ্ধে নেখেলে পাকিস্তানে! পুনৰ সুযোগ লাভৰ সম্ভাৱনা বাংলাদেশৰ

T20 World Cup 2026: ২৬ জানুৱাৰীত পিচিবিৰ মুৰব্বী মহছিন নাকৱীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ভাৰতৰ বিৰুদ্ধে খেল বৰ্জনৰ বিষয়টো উত্থাপন কৰে। যদি পাকিস্তান দলে এই মেচ বৰ্জন কৰে তেন্তে টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা হ’ব আৰু তাৰ ঠাইত বাংলাদেশক পুনৰ প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰা হ’ব।

T20 World Cup 2026: ভাৰতৰ বিৰুদ্ধে নেখেলে পাকিস্তানে! পুনৰ সুযোগ লাভৰ সম্ভাৱনা বাংলাদেশৰ

টি-২০ বিশ্বকাপত কোন থাকিব?

Published: 

27 Jan 2026 | 04:01 PM

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে পাকিস্তান আৰু বাংলাদেশৰ মাজত নাটকৰ অন্ত পৰাৰ কোনো লক্ষণ দেখা পোৱা নাই। খবৰ অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এতিয়া ভাৰতৰ বিৰুদ্ধে খেল বৰ্জন কৰাৰ কথা চিন্তা কৰিছে। ২৬ জানুৱাৰীত পিচিবিৰ মুৰব্বী মহছিন নাকৱীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ভাৰতৰ বিৰুদ্ধে খেল বৰ্জনৰ বিষয়টো উত্থাপন কৰে।

এই বিষয়ত এতিয়া শুকুৰবাৰৰ ভিতৰত সিদ্ধান্ত লোৱা হ’ব। ইফালে খবৰ ওলাইছে যে যদি পাকিস্তান দলে এই মেচ বৰ্জন কৰে তেন্তে টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা হ’ব আৰু তাৰ ঠাইত বাংলাদেশক পুনৰ প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰা হ’ব।

টি-২০ বিশ্বকাপত পাকিস্তানৰ ঠাই বাংলাদেশে ল’বনে?

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি আইচিচিৰ ভিতৰত পাকিস্তানৰ এই অদ্ভুত পদক্ষেপৰ পিছত এই দলটোক আঁতৰাই বাংলাদেশক পুনৰ গ্ৰুপ A-ত স্থান দিয়াৰ কথা চৰ্চা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে, “যদি পাকিস্তানে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁলোকৰ ঠাইত বাংলাদেশক গ্ৰুপ A-ত অন্তৰ্ভুক্ত কৰা হ’ব। বাংলাদেশক শ্ৰীলংকাত নিজৰ সকলো খেল খেলাৰো সুযোগ দিয়া হ’ব।”

মন কৰিবলগীয়া যে বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বাদ দিয়া হৈছিল, কাৰণ বাংলাদেশে শেষ মুহূৰ্তত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাত নিজৰ সকলো খেল খেলিব বিচাৰিছিল। এই বিষয়ত আইচিচিয়ে ভোটৰ সহায় লয়, আৰু বাংলাদেশে তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। বাংলাদেশ বাহিৰ হোৱাৰ পিছৰে পৰা পাকিস্তানে নিজৰ ৰাজনীতি কৰি আহিছে যদিও আইচিচিয়ে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে।

যদি পাকিস্তানে ভাৰতৰ মেচ বৰ্জন কৰে…

১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে খেলখনহে বৰ্জন কৰাৰ পৰিকল্পনা কৰিছে পাকিস্তানে। কিন্তু ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি এনে হোৱাৰ সম্ভাৱনা নাই। কাৰণ পাকিস্তানে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব। পাকিস্তানৰ দলটোৱে কেইবাটাও নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। ইয়াক আইচিচিৰ সৈতে পাকিস্তানৰ চুক্তি উলংঘা বুলি গণ্য কৰা হ’ব। পাকিস্তান বিশ্বকাপ আৰু এছিয়া কাপৰ দৰে প্ৰতিযোগিতাৰ পৰাও নিলম্বিত হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব