বৰদিন কিয় পালন কৰা হয়? ইয়াৰ আঁৰৰ কাহিনী জানো আহক…
বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়।

২৫ ডিচেম্বৰ অৰ্থাৎ কাইলৈ সমগ্ৰ বিশ্বতে বৰ আড়ম্বৰেৰে বৰদিন উদযাপন কৰা হ’ব। খ্ৰীষ্টমাছ খ্ৰীষ্টানসকলৰ মূল আৰু আটাইতকৈ ডাঙৰ উৎসৱ। খ্ৰীষ্টান ধৰ্মৰ লোকসকলে প্ৰভু যীশুৰৰ জন্মদিন হিচাপে বৰদিন পালন কৰে। খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, ২৫ তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়। অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়। বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনা দিৱস।
ছাণ্টাক্লজক খ্ৰিষ্টমাছ ফাডাৰ বুলিও কোৱা হয়। ইউৰোপ বা অন্য দেশৰ শিশুসকলে বিশ্বাস কৰে যে বৰদিনৰ ৰাতি ছাণ্টাক্লজ আহি তেওঁলোকৰ বাবে বিভিন্ন উপহাৰ দি থৈ যায়। সেয়েহে শিশুসকলে ছিমনি, দুৱাৰমুখ আদিত নিজৰ জোতা, মোজা, মোনা আদি ওলমাই থৈ দিয়ে, যাতে খ্ৰিষ্টমাছ ফাডাৰে সেইবোৰত তেওঁলোকৰ বাবে উপহাৰ দি থৈ যাব পাৰে। শিশুসকলৰ বিশ্বাস অটুট ৰাখিবলৈ তেওঁলোকৰ মাক-দেউতাকে সেইবোৰত তেওঁলোকৰ মনৰ পছন্দৰ বস্তুবোৰ সুমুৱাই থয়। ইটালী, জাৰ্মানী, ফ্ৰান্স আদি দেশত ঘৰৰে এজন সদস্যই ছাণ্টাক্লজৰ দৰে ভেশ ধৰি বৰদিনৰ মেলত (Christmas Party) উপহাৰ বিলাই ফুৰে।
পৌৰাণিক কাহিনী
এটা কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ, নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে চতুৰ্থ শতিকাৰ বৰদিন এটাত ৰাতি বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল’ৰা-ছোৱালীবোৰক লজেন, টফি আদি উপহাৰ বিলাই দি আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ’ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।
বৰদিনৰ গছজোপাৰ আৰম্ভণি কেনেকৈ হ’ল?
হাজাৰ হাজাৰ বছৰৰ আগতে উত্তৰ ইউৰোপত এই বৰদিনৰ গছৰ উৎপত্তি হৈছিল। সেই সময়ত এই উৎসৱটো Fir নামৰ এজোপা গছক সজাই পৰাই উদযাপন কৰা হৈছিল। বৰদিনৰ সময়ত চেৰী গছৰ ডালবোৰো বহুতে সজাইছিল। কিন্তু যিসকলে বৰদিনৰ গছ কিনিব পৰা নাছিল, তেওঁলোকে কাঠক পিৰামিডৰ আকৃতি দি বৰদিন উদযাপন কৰিছিল। কিন্তু সময়ৰ লগে লগে খ্ৰীষ্টমাছ গছৰ ধাৰা বাঢ়ি আহিল। এতিয়া সকলোৱে বৰদিনৰ গছ এখন লৈ চকলেট, পুতলা, লাইট আৰু উপহাৰেৰে সজায়।