Merry Christmas 2025: ছাণ্টাক্লজ কোন? বৰদিনৰ নিশা সঁচাকৈ আহে নেকি ছাণ্টাক্লজ?
ছাণ্টা ক্লজৰ বিষয়ে বহুটো মতভেদ আছে। কিছুমানে বিশ্বাস কৰে যে, ইতিহাসবিদ অডিন হৈছে ছাণ্টাক্লজ, আনহাতে কিছুমানে ছেইণ্ট নিকোলাছক ছাণ্টাক্লজ বুলি গণ্য কৰে। কিন্তু আটাইতকৈ বিশেষ কথাটো হ’ল ছাণ্টাই শিশুসকলৰ বাবে উপহাৰ আনিছিল। সেই কাৰণে তেওঁ বিখ্যাত হৈ পৰিছিল, আজিও ইয়াৰ বাবে খ্ৰীষ্টমাছত উপহাৰ দিয়াৰ পৰম্পৰা চলি আছে।

খ্ৰীষ্টান ধৰ্মৰ প্ৰতিষ্ঠাপক প্ৰভু যীশুৰ জন্মদিন প্ৰতি বছৰে ২৫ ডিচেম্বৰত পালন কৰা হয়। এই উৎসৱ বিশ্বৰ প্ৰায়বোৰ দেশতে অতি আড়ম্বৰেৰে পালন কৰা হয় আৰু আমাৰ দেশ ভাৰততো বৰদিনত আনন্দময় পৰিৱেশে বিৰাজ কৰে। বৰদিন ধৰ্মীয় উৎসৱ হ’লেও বিভিন্ন ধৰ্মৰ লোকেও ইয়াত সম্পূৰ্ণ আনন্দৰে অংশগ্ৰহণ কৰে যিয়ে সমন্বয়ৰ মনোভাৱ প্ৰকাশ কৰে। বৰদিনৰ দিনা মানুহে গীৰ্জালৈ গৈ প্ৰভু যীশুৰ সন্মুখত প্ৰাৰ্থনা কৰে, ইয়াৰ লগতে ঘৰত পাৰ্টিৰো আয়োজন কৰা হয়, ইয়াৰ বাহিৰেও আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ছান্টাক্লজ। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে অপেক্ষা কৰে ছিক্ৰেট ছান্টাই তেওঁলোকৰ বাবে কোনো উপহাৰ আনিব।
পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন বুঢ়া। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰপৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক মহিলা, শিশু, দুখীয়া আদি লোকসকলক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াইছিল বুলি ভবা হয়।
ছাণ্টা কোন?
এটা কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ, নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে চতুৰ্থ শতিকাৰ বৰদিন এটাত ৰাতি বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল’ৰা-ছোৱালীবোৰক লজেন, টফি আদি উপহাৰ বিলাই দি আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ’ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।
ছাণ্টাক্লজক খ্ৰিষ্টমাছ ফাডাৰ বুলিও কোৱা হয়। ইউৰোপ বা অন্য দেশৰ শিশুসকলে বিশ্বাস কৰে যে বৰদিনৰ ৰাতি ছাণ্টাক্লজ আহি তেওঁলোকৰ বাবে বিভিন্ন উপহাৰ দি থৈ যায়। সেয়েহে শিশুসকলে ছিমনি, দুৱাৰমুখ আদিত নিজৰ জোতা, মোজা, মোনা আদি ওলমাই থৈ দিয়ে, যাতে খ্ৰিষ্টমাছ ফাডাৰে সেইবোৰত তেওঁলোকৰ বাবে উপহাৰ দি থৈ যাব পাৰে। শিশুসকলৰ বিশ্বাস অটুট ৰাখিবলৈ তেওঁলোকৰ মাক-দেউতাকে সেইবোৰত তেওঁলোকৰ মনৰ পছন্দৰ বস্তুবোৰ সুমুৱাই থয়। ইটালী, জাৰ্মানী, ফ্ৰান্স আদি দেশত ঘৰৰে এজন সদস্যই ছাণ্টাক্লজৰ দৰে ভেশ ধৰি বৰদিনৰ মেলত (Christmas Party) উপহাৰ বিলাই ফুৰে।