উমানন্দ দেৱালয় কোনে নিৰ্মাণ কৰিছিল, এই দেৱালয়ৰ ইতিহাস জানেনে আপুনি ?

কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ল’লে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱ‌ই কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হ’ল ভস্মাঞ্চল।

উমানন্দ দেৱালয় কোনে নিৰ্মাণ কৰিছিল, এই দেৱালয়ৰ ইতিহাস জানেনে আপুনি ?
Published: 

30 Jan 2026 | 05:00 PM

গুৱাহাটীলৈ আহিলে ব্ৰহ্মপুত্ৰ নদীৰ মাজত জিলিকি থকা দেখে এটা দ্বীপ। দূৰৈৰ পৰা পাহাৰৰ এটা অংশৰ দৰে দেখা এই দ্বীপটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দ। আনহাতে, ইংৰাজসকলে এই দ্বীপটোৰ নাম Peacock Island, অর্থাত্‍, ময়ুৰদ্বীপ ৰাখিছিল। কিয়নো এই দ্বীপটো দেখিবলৈ কিছু ম’ৰা চৰাইৰ দৰে আছিল। দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলক এই নদী দ্বীপটোৱে আকৰ্ষিত কৰে।

পৃথিৱীৰ এই সৰু দ্বীপটোৰ আছে বহু ৰহস্য। প্ৰাচীন প্ৰবাদমতে, উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।

কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ল’লে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱ‌ই কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হ’ল ভস্মাঞ্চল।

মন্দিৰৰ ইতিহাস

১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। তাৰ পিছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰঁতি হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।

কি কি আছে উমানন্দ দেৱালয়ত?

যদিও এই মন্দিৰটো ভগৱান শিৱক উৎসৰ্গিত, তথাপিও ইয়াত গণেশ, হনুমান মন্দিৰৰ উপৰিও কেইবাটাও মন্দিৰ আছে। উমানন্দ মন্দিৰত সূৰ্য্য, গণেশ, শিৱ আৰু দেৱীৰ প্ৰতিমা আৰু বিষ্ণুৰ দহ অৱতাৰ পোৱা যায়। মন্দিৰটো নিজৰ মাজতে অসমীয়া শিল্পী আৰু স্থপত্যবিদসকলৰ নিপুণতাৰ প্ৰতিমূৰ্তি। ভগৱান শিৱই ধ্যান কৰিবলৈ বহি থকা শিলটোক বহু গছ-গছনিয়ে আগুৰি আছে। ইয়াৰোপৰি এই দ্বীপত বিপন্ন প্ৰজাতিৰ চৰাই আৰু বান্দৰো দেখিবলৈ পোৱা যায়।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...