৬ অক্টোবৰ নে ৭ অক্টোবৰ, কোনদিনা লক্ষ্মী পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হ’ব?

লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে।

৬ অক্টোবৰ নে ৭ অক্টোবৰ, কোনদিনা লক্ষ্মী পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হব?

কোনদিনা লক্ষ্মী পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হ'ব?

Published: 

05 Oct 2025 | 07:12 AM

লক্ষ্মী পূজাক লৈ সকলোৰে মাজত বিভ্ৰান্তি চলি আছে। কোনোবাই যদি কৈছে ৬ অক্টোবৰ আন কোনোবাৰ মতে ৭ অক্টোবৰতহে পালন কৰা হ’ব। আচলতে লক্ষ্মী পূজা নিশা পালন কৰে, ৬ অক্টোবৰত ১২ বাজি ২৪ মিনিটৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি আৰু ৭ অক্টোবৰ (২০ আহিন)ৰ পুৱা ৯ বাজি ১৭ মিনিট ৩৬ বজাত অন্ত পৰিব পূৰ্ণিমা তিথি। গতিকে এইবাৰ ৬ অক্টোবৰতে পালন কৰা হ’ব লক্ষ্মী পূজা।

লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে।

লক্ষ্মী পূৰ্ণিমা নিশা জাগ্ৰত হৈ দেৱী লক্ষ্মীৰ প্ৰতি পূজা-অৰ্চনা কৰাৰ পৰম্পৰা আছে। অসমত এই দিনটোত নিশা বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি দেৱীক আগবঢ়োৱা হয়। প্ৰতিগৰাকী মহিলাই ভোগ আগবঢ়াই লক্ষ্মী চৰিত বা পাঁচালী পঢ়ে।

কাইলৈ যিহেতু লক্ষ্মী পূজা সেয়ে পৰম্পৰা ৰক্ষাৰে লক্ষ্মী পূজাৰ বাবে সাজু হৈছে ৰাইজ। লক্ষ্মীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ঘৰে ঘৰে আয়োজন কৰা হয় লক্ষ্মী পূজা। সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...