আপোনাৰ ঘৰখনক কিদৰে আঁতৰাই ৰাখিব কু-নজৰৰ পৰা? মানি চলক বাস্তুৰ পৰামৰ্শ, দেখিব প্ৰগতিৰ মুখ

কু-নজৰৰ ফলত ঘৰ এখনৰ উন্নতিত বাধাৰ সৃষ্টি হয় আৰু অসংখ্য অসুবিধাৰ সৃষ্টি হয়। বাস্তু শাস্ত্ৰত নিজৰ ঘৰখনক কু-নজৰৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিব লাগে, সেই বিষয়ে বাখ্যা কৰিছে। জানো আহত এই বিষয়ে।

আপোনাৰ ঘৰখনক কিদৰে আঁতৰাই ৰাখিব কু-নজৰৰ পৰা? মানি চলক বাস্তুৰ পৰামৰ্শ, দেখিব প্ৰগতিৰ মুখ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

16 Nov 2025 20:29 PM

আমাৰ জীৱনত বাস্তু শাস্ত্ৰৰ বিশেষ গুৰুত্ব আছে বুলি গণ্য কৰা হয়। কিয়নো বাস্তু শাস্ত্ৰত এখন ঘৰৰ প্ৰগতিৰ বাবে মানি চলিবলগা নিয়ম সম্পৰ্কে বাখ্যা কৰা হয়। বাস্তু শাস্ত্ৰত ঘৰৰ প্ৰতিটো সামগ্ৰীৰ সঠিক স্থান তথা দিশৰ পৰা আৰম্ভ কৰি সঠিক ৰঙলৈকে সকলো বৰ্ণনা কৰা হৈছে। তদুপৰি জীৱনৰ বহু সমস্যা দূৰ কৰিব পৰা অসংখ্য প্ৰতিকাৰৰ পৰামৰ্শও আগবঢ়াইছে বাস্তুৱে। সাধাৰণতে বহুলোকে ঘৰখনত কু-নজৰ পৰাৰ বাবে নানা সমস্যাৰ সন্মুখীন হোৱা বিশ্বাস কৰে। কু-নজৰৰ ফলত পৰিয়ালৰ উন্নতিত বাধাৰ সৃষ্টি হয় আৰু অসংখ্য অসুবিধাৰ সৃষ্টি হয়।

বাস্তু শাস্ত্ৰত নিজৰ ঘৰখনক কু-নজৰৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিব লাগে, সেই বিষয়ে বাখ্যা কৰিছে। জানো আহত এই বিষয়ে-

স্বস্তিকা আৰু গণেশঃ ঘৰৰ মূল প্ৰৱেশদ্বাৰত ৰঙা স্বস্তিকা আঁকি ৰাখক বা বজাৰৰ পৰা ক্ৰয় কৰা ৰেডিমেড স্বস্তিকা পাৰি ৰাখক। ইয়াৰ উপৰিও মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে গণেশৰ মূৰ্তি বা ছবি ৰাখি প্ৰতিদিনে পবিত্ৰ পানী ছটিয়াই দিব।

নেমু আৰু জলকীয়াঃ বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ মূল প্ৰৱেশদ্বাৰত সাতটা জলকীয়াৰ সৈতে নেমু এটা ওলোমাই প্ৰতি শনিবাৰে সলনি কৰিব লাগে। এনে কৰিলে ঘৰখন কু-নজৰৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰা হয়।

ঘোঁৰাৰ নালঃ কু-নজৰৰ পৰা নিজৰ ঘৰখন ৰক্ষা কৰিবলৈ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত ‘U’ আকৃতিৰ ক’লা ঘোঁৰাৰ নাল ওলোমাই থ’ব লাগে। প্ৰতি শনিবাৰে পুৱা ঘোঁৰাৰ নাল পৰিষ্কাৰ কৰি চাকি জ্বলাই “ওঁম শন শনিশ্চৰায় নমঃ” মন্ত্ৰ জপ কৰক।

আম বা অশোকপাতৰ মালাঃ বাস্তু মতে ঘৰৰ মূল প্ৰৱেশদ্বাৰত আম বা অশোকপাতৰ মালা ওলোমাই ১৫ দিনৰ মূৰে মূৰে সলনি কৰিব লাগে। ইয়াৰ দ্বাৰা ঘৰখনক কু-নজৰৰ পৰা ৰক্ষা কৰা হয় বুলি ধৰ্মীয় বিশ্বাস আছে।

ঘেঁহু আৰু নিমখৰ টোপোলাঃ এখন বগা কাপোৰত ঘেঁহু, গোটা নিমখ আৰু সাগৰীয় নিমখ কিছু মিহলাই এটা টোপোলা বনাই লওক। তাৰ পিছত এই টোপোলাটো বাহিৰৰ লোকৰ দৃষ্টিগোচৰ নোহোৱা ঠাইত ওলোমাই থওক। দুমাহ-তিনিমাহৰ মূৰে মূৰে সলনি কৰিব লাগে।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু বাস্তুৰ ওপৰত আধাৰিত।কৰি দিয়া হৈছে। TV9 Assam- এ এয়া নিশ্চিত কৰা নাই।

আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক
চুলিত লগাওক এইবিধ সামগ্ৰী, হৈ পৰিব দীঘল আৰু চিকমিকিয়া!
তেজৰ কৰ্কট ৰোগ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
শীতকালত চুগাৰৰ সমস্যা থকাসকল সাৱধান হওক, নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ ৬ টা পৰামৰ্শ