Vastu Tips For Dustbin: আহিব দৰিদ্ৰতা! ঘৰৰ এই দিশত ভুলতো নাৰাখিব ডাষ্টবিন…

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি, বাস্তু দোষ হ'লে জীৱনত তথা পৰিয়ালত বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে বাস্তুত গুৰুত্ব দিয়া দৰকাৰ। বাস্তুত জাবৰ পেলোৱা ঠাই, ডাষ্টবিন আদি সন্দৰ্ভতো বিশেষ কথা উল্লেখ আছে।

Vastu Tips For Dustbin: আহিব দৰিদ্ৰতা! ঘৰৰ এই দিশত ভুলতো নাৰাখিব ডাষ্টবিন...

ডাষ্টবিন

Published: 

23 Dec 2025 | 02:48 PM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ গুৰুত্ব আছে। মান্যতা অনুসৰি, বাস্তু শাস্ত্ৰ নীতি মানি চলিলে জীৱনত উন্নতি হয়। জীৱনৰ উন্নতিৰ বাবে বাস্তুই ঘৰটোক বিশেষ স্থান বুলি গণ্য কৰে। এই ঘৰৰ ডাষ্টবিনো এটা গুৰুত্বপূৰ্ণ অংশ। বাস্তু শাস্ত্ৰত উল্লেখ আছে যে, ডাষ্টবিনটো যদি সঠিক স্থান আৰু সঠিক দিশত ৰখা নহয় তেন্তে পৰিয়ালে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

বাস্তু মতে, ডাষ্টবিন ভুল দিশত ৰাখিলে মা লক্ষ্মী অসন্তুষ্ট হয়। ইয়াৰ ফলত আৰ্থিক সমস্য়াই দেখা দিব পাৰে। গতিকে ঘৰৰ কি দিশত ডাষ্টবিন ৰাখিব নালাগে সেই সন্দৰ্ভত সবিশেষ তলত উল্লেখ কৰা হ’ল।

কি দিশত ৰাখিব নালাগে

উত্তৰ-পূব দিশঃ বাস্তু মতে, উত্তৰ-পূব দিশত কেতিয়াও ডাষ্টবিন ৰাখিব নালাগে। এনে কৰিলে পৰিয়ালত অশান্তি বৃদ্ধি পায়। কাজিয়াৰ সৃষ্টি হ’ব পাৰে আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে। ঘৰৰ মূল মানুহজনৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে।

দক্ষিণ-পূব দিশঃ দক্ষিণ-পূব দিশত কেতিয়াও ডাষ্টবিন ৰাখিব নালাগে। এনে কৰিলে ঘৰত ধন নাথাকে। জমা হৈ থকা সকলো ধন খৰচ হৈ যায়। পৰিয়ালত আৰ্থিক সমস্যা বৃদ্ধি পাই আৰু ঋণৰ বোজা বাঢ়ে। যাৰ ফলত দৰিদ্ৰতাৰ আগমন হ’ব পাৰে।

উত্তৰ আৰু পূব দিশঃ ঘৰৰ পূব দিশ আৰু উত্তৰ দিশত ডাষ্টবিন ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত নেতিবাচক শক্তি বৃদ্ধি পায়। ইয়াৰোপৰি পৰিয়ালৰ সদস্যসকলৰ মাজত হতাশা বৃদ্ধি পাব পাৰে। ঘৰখনত উন্নতিত বাধা আহে। ইয়াৰোপৰি ইয়াৰ ফলত ভাল চাকৰি আৰু সুযোগ হেৰুৱাই বুলি মান্যতা আছে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয়া মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ শীতকালত আমলখি খালে শৰীৰৰ কি কি লাভ হয়? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...