Uruka: মঙলবাৰে উৰুকা, মঙলবাৰে মাছ-মাংস খোৱাটো উচিত নে?

মঙলবাৰে নন-ভেজ নোখোৱাৰ বিশ্বাস মূলতঃ ধৰ্মীয় আৰু সাংস্কৃতিক। এই বাৰটো প্ৰভু হনুমানৰ নামত উৎসৰ্গিত। তেওঁ এজন ব্ৰহ্মচাৰী আছিল। এই দিনটোত আমিষ খাদ্যৰ পৰা দূৰত থাকিব পাৰিলে ভাল।

Uruka: মঙলবাৰে উৰুকা, মঙলবাৰে মাছ-মাংস খোৱাটো উচিত নে?
Updated On: 

09 Jan 2026 | 03:22 PM

ভোগৰ ভোগজৰা লৈ আকৌ আহিল ভোগালী।  এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে। গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে। ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়।

কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ। ভোগালীত প্ৰতিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। কিন্তু এইবাৰ উৰুকা মঙলবাৰে হোৱাৰ বাবে বহুতে চিন্তাত পৰিছে মাছ-মাংস কোৱাটো উচিত নে অনুচিত।

মঙলবাৰে নন-ভেজ নোখোৱাৰ বিশ্বাস মূলতঃ ধৰ্মীয় আৰু সাংস্কৃতিক। এই বাৰটো প্ৰভু হনুমানৰ নামত উৎসৰ্গিত। তেওঁ এজন ব্ৰহ্মচাৰী আছিল। এই দিনটোত আমিষ খাদ্যৰ পৰা বিৰত থাকিলে আত্মনিয়ন্ত্ৰণ, গ্ৰহ শান্তি (মংগল গ্ৰহৰ সৈতে সঙ্গতি) আৰু দেৱতাৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস। সেয়ে এই দিনটোত আমিষ আহাৰ গ্ৰহণ কৰিলে গ্ৰহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে উপাসনা কৰে, হনুমানজীয়ে তেওঁক সকলো সমস্যাৰ পৰা উদ্ধাৰ কৰে। ইয়াৰোপৰি মঙলবাৰে চুৰি, কেঁচি, কাটা চামুচ আদি ক্ৰয় নকৰিব আৰু কাকো নিদিব। মঙ্গল গ্ৰহক জ্যোতিষশাস্ত্ৰত তেজ আৰু যুদ্ধৰ কাৰণ বুলি গণ্য কৰা হয়। এনে কৰিলে পৰিয়ালত বিভেদ বৃদ্ধি হয়।

অৱশ্যে যিসকলে মঙলবাৰটো পালন কৰে তেওঁলোকৰ বাহিৰে বাকী লোকসকলে আমিষ আহাৰ গ্ৰহণ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...