Today’s Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's Horoscope: হিন্দু ধৰ্ম অনুসৰি ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ লোকৰ আৰ্থিক উন্নতিৰ যোগ আছে। ইফালে কিছুমানে সাৱধানে থকা দৰকাৰ। জ্যোতিষ শাস্ত্ৰ অনুযায়ী আপোনাৰ আজিৰ দিনটো কেনে যাব?

Todays Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

30 Jan 2026 | 06:00 AM

আজি ৩০ জানুৱাৰী, ২০২৬। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজি আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। কিন্তু হাতলৈ সফলতা আহিব। প্ৰেমত কোনো সমস্যা আহিব পাৰে। সিদ্ধান্ত লওতে সাৱধান হ’ব। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

বৃষ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। আৰ্থিক দিশত সফলতা লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। পৰিয়ালৰ সৈতে সময় কটাব। মন ভালে থাকিব। চাকৰি আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কথা কওতে সাৱধান হ’ব। কাজিয়া হ’ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আয়ৰ নতুন বাট মুকলি হোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশিঃ আজি আপুনি মানসিকভাৱে নিজকে মজবুত ৰখা দৰকাৰ। আনৰ কথাত বেছি বিশ্বাস নকৰিব। চাকৰিত সফলতাৰ যোগ আছে। পুৰণি বন্ধুক বহু দিনৰ পাছত লগ পাব পাৰে। ব্যৱসায়ত শুভ। দিনটো ভালে খাব। স্বাস্থ্যত গুৰুত্ব দিব। আৰ্থিক সমস্যা আহিব পাৰে।

সিংহ ৰাশিঃ প্ৰেমৰ ক্ষেত্ৰত দিনটো কোনো সমস্যা আহিব পাৰে। স্বাস্থ্যৰ সমস্যা আহিব পাৰে। ব্যৱসায়ত ধৈৰ্য ধৰা দৰকাৰ। সন্মান হানিৰ যোগ আছে। বহু দিনৰ পাছত কোনো বন্ধুক লগ পাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল।

কন্যা ৰাশিঃ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ঘৰত সুখ শান্তি থাকিব, মন ভালে থাকিব। স্বাস্থ্য ভালে থাকিব। আৰ্থিক লাভ আহিব। নতুন আয়ৰ বাট মুকলি হ’ব। কৰ্মক্ষেত্ৰত সতীৰ্থই সহায় কৰিব। সফলতা পাব।

তুলা ৰাশিঃ আজি আপোনাৰ উন্নতিৰ যোগ আছে। কাজিয়াৰ পৰা আঁতৰি থাকক। আনৰ কথাত হস্তক্ষেপ নকৰিব। প্ৰিয় ব্যক্তিক লগ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ মানসিক আৰু শাৰীৰিকভাৱে সমস্যা আহিব পাৰে। মাতৃৰ স্বাস্থ্য বেয়া হ’ব পাৰে। আৰ্থিক দিশত লোকচান হোৱাৰ সম্ভাৱনা। মানহানিৰ যোগ আছে। সম্পত্তি, বাহন আদিৰ ক্ষেত্ৰত সাৱধান হ’ব। শিক্ষাৰ্থীসকলৰ ভাল বেয়াৰ মাজেৰে যাব।

ধনু ৰাশিঃ আজি আপোনাৰ ধৰ্মীয় দিশত মন বাঢ়িব। হাতলৈ নতুন কাম আহিব পাৰে। স্বাস্থ্য ভালে থাকিব। সুখী হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। কোনো বন্ধুক লগ পাব পাৰেয ভাগ্যই লগ দিব। চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ যোগ আছে।

মকৰ ৰাশিঃ আজি আপুনি কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। আত্মীয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। মানসিকভাৱে অশান্তিত থাকিব। শিক্ষাৰ্থীসকলে অধ্যয়নত মন দিয়া দৰকাৰ।

কুম্ভ ৰাশিঃ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব। ভ্ৰমণৰ যোগ আছে। নেতিবাচক চিন্তাৰ পৰা দূৰত থাকিব। সংগীৰ সৈতে ভাল সময় কটাব। দিনটো ভাল।

মীন ৰাশিঃ আজি আপোনাৰ মন ভালে থাকিব। টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। আইনী কাম-কাজত সাৱধান হোৱা দৰকাৰ। কথা কওতে সাৱধান হোৱা দৰকাৰ। দিনটো সাৱধান থাকিব। আনক বিশ্বাস নকৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

ডায়েবেটিছৰ প্ৰধান লক্ষণসমূহ কি কি?
বাৰে বাৰে মুখৰ ঘাঁ কিয় হয়? জানক কাৰণ...
নিশা এফুটা নহৰু খোৱাৰ অভ্যাসে বচাব আপোনাৰ জেপৰ ধন! কিদৰে সম্ভৱ এয়া, চাওক এতিয়াই
স্বামীক সাৱটি ধৰি শুলে জীৱনত আহিব আচৰিত প্ৰভাৱ!
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...