উৰুকালৈ মাজত মাত্ৰ এটা দিন, তাৰ পূৰ্বে জানক মাঘ মাহত কি কৰিব আৰু কি নকৰিব…

হিন্দু ধৰ্মত মাঘ মাহক বিশেষভাৱে পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই মাহত ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ পূজাৰ গুৰুত্ব আছে। শ্ৰী হৰি বিষ্ণু আৰু লক্ষ্মীক পূজা কৰিলে জীৱনত সুখ, সমৃদ্ধি পোৱা যায়। মাঘ মাহত গংগাত স্নান কৰাৰো বিশেষ তাৎপৰ্য আছে। এই মাহত গংগাত স্নান কৰিলে পূণ্য পোৱা যায় আৰু শুভ ফল লাভ কৰা যায়।

উৰুকালৈ মাজত মাত্ৰ এটা দিন, তাৰ পূৰ্বে জানক মাঘ মাহত কি কৰিব আৰু কি নকৰিব...
Published: 

11 Jan 2026 | 08:39 AM

সমাগত মাঘ বিহু। কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ। ভোগালীত প্ৰতিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে।

মাঘ মাহত কৰা পূজা আৰু ধৰ্মীয় কাম-কাজৰ দ্বাৰা এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়। মাঘ মাহত কি কৰিব লাগে, কি কৰিব নালাগে সকলো কথা জানো আহক।

মাঘ মাহত কি নকৰিব আৰু কি কৰিব?

  1. মাঘ মাহত সূৰ্য দেৱৰ লগত বিষ্ণুক পূজা কৰাৰ পৰম্পৰা আছে।
  2. মাঘ মাহত কৰা ধৰ্মীয় কামৰ ফলত দুগুণ ফলাফল পোৱা যায়।
  3. মাঘ মাহত প্ৰতিদিনে গীতা পাঠ কৰিব লাগে।
  4. মাঘ মাহত পবিত্ৰ নদীত স্নান কৰিব লাগে।
  5. মাঘ মাহত তুলসী পূজা কৰিব লাগে, এই পূজাই দেৱী লক্ষ্মীকো সন্তুষ্ট কৰে।
  6. মাঘ মাহত গৰম কাপোৰ দান কৰিব লাগে।
  7. মাঘ মাহত তামসিক বস্তু সেৱন কৰিব নালাগে।
  8. মাঘ মাহত ভুলতেও মূলা সেৱন কৰিব নালাগে।
  9. মাঘ মাহত গংগাত স্নান কৰিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে।
  10. মাঘ মাহত কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে।
  11. মাঘ মাহত তিল আৰু সৰিয়হৰ তেল দান কৰিব লাগে।
  12. মাঘ মাহত ঘৰত কোনো ধৰণৰ লেতেৰা ৰাখিব নালাগে।
  13. মাঘ মাহত আন ব্যক্তিৰ বিষয়ে বেয়াকৈ কোৱাৰ পৰা বিৰত থাকিব লাগে।
  14. মাঘ মাহত ৰূপৰ সামগ্ৰী কিনিব নালাগে।
বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ