উৰুকালৈ মাজত মাত্ৰ এটা দিন, তাৰ পূৰ্বে জানক মাঘ মাহত কি কৰিব আৰু কি নকৰিব…

হিন্দু ধৰ্মত মাঘ মাহক বিশেষভাৱে পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই মাহত ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ পূজাৰ গুৰুত্ব আছে। শ্ৰী হৰি বিষ্ণু আৰু লক্ষ্মীক পূজা কৰিলে জীৱনত সুখ, সমৃদ্ধি পোৱা যায়। মাঘ মাহত গংগাত স্নান কৰাৰো বিশেষ তাৎপৰ্য আছে। এই মাহত গংগাত স্নান কৰিলে পূণ্য পোৱা যায় আৰু শুভ ফল লাভ কৰা যায়।

উৰুকালৈ মাজত মাত্ৰ এটা দিন, তাৰ পূৰ্বে জানক মাঘ মাহত কি কৰিব আৰু কি নকৰিব...
Published: 

11 Jan 2026 | 08:39 AM

সমাগত মাঘ বিহু। কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ। ভোগালীত প্ৰতিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে।

মাঘ মাহত কৰা পূজা আৰু ধৰ্মীয় কাম-কাজৰ দ্বাৰা এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়। মাঘ মাহত কি কৰিব লাগে, কি কৰিব নালাগে সকলো কথা জানো আহক।

মাঘ মাহত কি নকৰিব আৰু কি কৰিব?

  1. মাঘ মাহত সূৰ্য দেৱৰ লগত বিষ্ণুক পূজা কৰাৰ পৰম্পৰা আছে।
  2. মাঘ মাহত কৰা ধৰ্মীয় কামৰ ফলত দুগুণ ফলাফল পোৱা যায়।
  3. মাঘ মাহত প্ৰতিদিনে গীতা পাঠ কৰিব লাগে।
  4. মাঘ মাহত পবিত্ৰ নদীত স্নান কৰিব লাগে।
  5. মাঘ মাহত তুলসী পূজা কৰিব লাগে, এই পূজাই দেৱী লক্ষ্মীকো সন্তুষ্ট কৰে।
  6. মাঘ মাহত গৰম কাপোৰ দান কৰিব লাগে।
  7. মাঘ মাহত তামসিক বস্তু সেৱন কৰিব নালাগে।
  8. মাঘ মাহত ভুলতেও মূলা সেৱন কৰিব নালাগে।
  9. মাঘ মাহত গংগাত স্নান কৰিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে।
  10. মাঘ মাহত কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে।
  11. মাঘ মাহত তিল আৰু সৰিয়হৰ তেল দান কৰিব লাগে।
  12. মাঘ মাহত ঘৰত কোনো ধৰণৰ লেতেৰা ৰাখিব নালাগে।
  13. মাঘ মাহত আন ব্যক্তিৰ বিষয়ে বেয়াকৈ কোৱাৰ পৰা বিৰত থাকিব লাগে।
  14. মাঘ মাহত ৰূপৰ সামগ্ৰী কিনিব নালাগে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...