অলৌকিক এটা মন্দিৰ! য’ত বলি দিয়াৰ পাছতো জী উঠে ছাগলী, জানক সম্পূৰ্ণ কাহিনী…

Durga puja: হিন্দু ধৰ্মত মা দুৰ্গাৰ বিশেষ মান্যতা আছে আৰু তেওঁৰ লগত বিশেষ কিছুমান পৌৰাণিক কথাও জড়িত হৈ আছে। দুৰ্গা পূজাৰ সময়ত মাৰ সন্মুখত বলি দিয়া ।কিন্তু মা ভৱানী মন্দিৰত হোৱা এই বলিৰ প্ৰক্ৰিয়াৰ কথা শুনিলে আচৰতি হ'ব আপুনি।

অলৌকিক এটা মন্দিৰ! যত বলি দিয়াৰ পাছতো জী উঠে ছাগলী, জানক সম্পূৰ্ণ কাহিনী...

মন্দিৰ

Published: 

10 Oct 2024 17:21 PM

বৰ্তমান সময়ত দুৰ্গা বন্দনাৰে মুখৰিছে হৈ আছে দেশ। দেশৰ বহু প্ৰান্তত বিভিন্ন নীতি নিয়মেৰে পূজা- অৰ্চনা কৰা হৈছে মা দুৰ্গাক। হিন্দু ধৰ্মত মা দুৰ্গাৰ বিশেষ মান্যতা আছে আৰু তেওঁৰ লগত বিশেষ কিছুমান পৌৰাণিক কথাও জড়িত হৈ আছে। দুৰ্গা পূজাৰ সময়ত মাৰ সন্মুখত বলি দিয়া । বিশ্বাস অনুসৰি, মা দুৰ্গাৰ পূজা কৰিলে জীৱনৰ পৰা সকলো বাধা বিঘিনি দূৰ হয় আৰু ভক্তৰ মনৰ আশা পূৰণ হয়।

মা ভৱনীৰ মন্দিৰত যদি ছাগলী বলি দিয়া হয় তেন্তে তাৰ কিছুসময় পাছতেই ছাগলীটোৱে পুনৰ খোজ কাঢ়িবলৈ ধৰে, আপোনাক যদি কোনোৱে এনেকৈ কয় আপুনি বিশ্বাস কৰিবনে? কিন্তু বিহাৰৰ কৈমুৰ জিলাৰ পানৱৰা পাহাৰত অৱস্থিত মা মুণ্ডেশ্বৰী ভৱনীৰ মন্দিৰত এনেকুৱাই হয়। ইয়াত মা ভৱনীয়ে কেতিয়াও ৰক্তবলি নলয়। ইয়াত বলি দিয়াৰ পদ্ধতি কিছু পৃথক। ইয়াত ছাগলীক বলি দিয়াৰ বাবে কোনো দা বা চোকা অস্ত্ৰৰ প্ৰয়োজন নহয়। এই মন্দিৰত মাৰ অক্ষত দলিয়াই দিয়াৰ লগে লগে ছাগলীৰ মৃত্যু হয় আৰু যদি পুনৰ অক্ষত দলিয়াই দিয়া হয় তেন্তে ছাগলীটোও জী উঠে বুলি কোৱা হয়।

এই মন্দিৰ আৰু এই স্থানৰ সবিশেষ দুৰ্গা মাৰ্কণ্ডেয় পুৰাণৰ সপ্তশতী খণ্ডত পোৱা যায়। এই মহাশাস্ত্ৰ অনুযায়ী এসময়ত চন্দ আৰু মুণ্ড নামৰ দুজন অসুৰ আছিল। এই অসুৰৰ অত্যাচাৰত থাকিব নোৱাৰি মা ভৱানী ইয়ালৈ আহিবলগীয়া হৈছিল। মা ভৱানীয়ে চন্দক হত্যা কৰাৰ সময়ত মুণ্ডে পাহাৰত লুকাই আছিল। মা ভৱানীয়ে সেই অসুৰটোকো বিচাৰি হত্যা কৰে। ইয়াৰ পাছত এই ৰূপতে মাতৃয়ে এই মন্দিৰত থাকে। কোৱা হয়, মা ভৱানীৰ মূৰ্তি ইমানেই উজ্জ্বল যে এই মূৰ্তিৰ ফালে কোনোৱে বেছি সময় চাই থাকিব নোৱাৰে।

বলি কেনেকৈ হয়

মন্দিৰৰ পুৰোহিতৰ মতে প্ৰতিদিনে বহু মানুহ এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। মানুহৰ মনৰ ইচ্ছা পূৰণ হ’লে দেৱীক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ভক্তই বলি দিয়ে। পুৰোহিতৰ মতে মা দেৱীৰ ওচৰত ছাগলী বলি দিয়াৰ পৰম্পৰা আছে যদিও ইয়াত কেতিয়াও কোনো ৰক্তপাত নহয়। মা ভৱানীৰ সন্মুখত এটা বলি ছাগলী আনি মন্ত্ৰ পাঠ কৰাৰ সমান্তৰালকৈ পূজাৰীয়ে ছাগলীটোৰ ওপৰত  অক্ষত দলিয়াই দিয়ে। এই অক্ষত প্ৰভাৱৰ বাবে ছাগলীটো অচেতন হৈ পৰে আৰু পূজা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। পাছত পুনৰ ছাগলীটোৰ ওপৰত অক্ষত দিলে সি লৰচৰ কৰিবলৈ আৰম্ভ কৰে।

(স্পষ্টীকৰণঃ ওপৰোক্ত লিখনিটো ধৰ্মীয় মান্যতা আৰু জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।)

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey