Raas Mahotsav 2025: সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ, চৌদিশে চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি

ঠাইভেদে ৰাস বেলেগ বেলেগকৈ অনুষ্ঠিত কৰা হয়। উজনি অসমত ৰাস মহোৎসৱত ভাওনা কৰা হয়। ইফালে নামনি অসমত মূৰ্তিকেন্দ্ৰিক হয় ৰাস মহোৎসৱ।

Raas Mahotsav 2025:  সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ, চৌদিশে চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি

সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

Published: 

22 Oct 2025 17:06 PM

সমাগত ৰাস মহোৎসৱ। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাসলীলা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। চৌদিশে মাথোঁ আৰম্ভ কৃষ্ণৰ বন্দনা। বিভিন্ন স্থানত জীৱন্ত ৰাসৰ বাবে আখৰাত ব্যস্ত গোপীনিসকল। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। প্ৰতিবছৰে আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। পূৰ্বৰ দৰে এইবাৰো বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হ’ব। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে।

ঠাইভেদে ৰাস বেলেগ বেলেগকৈ অনুষ্ঠিত কৰা হয়। উজনি অসমত ৰাসত ভাওনা কৰে। এই ভাওনাৰ লিখনি লক্ষ্মী পূৰ্ণিমাৰ দিনাই ভগবানৰ ওচৰলৈ নি আশীৰ্বাদ লয়। উজনিত অসমৰ ৰাসত মুখা পিন্ধি অভিনয় কৰে। উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰীৰ ৰঅসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।

অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।

 

 

পোকে খাইছে নেকি আপোনাৰ দাঁত? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক এই সমস্যা
অসমীয়া নে সংস্কৃত... হনুমান চালিছা কোনটো ভাষাত পঢ়িলে ভাল ফলাফল পোৱা যায়?
এঞ্জেল নম্বৰ! বাৰে বাৰে ১১১, ২২২, ৩৩৩ দেখাৰ অৰ্থ কি জানেনে, জানক...
আহিব দুৰ্ভাগ্য! সূৰ্যাস্তৰ পাছত ধাৰলৈ নিদিব এই ৫ বস্তু...