কটা নে গোটা, ভগৱানক কেনেকৈ ফল আগবঢ়াব লাগে? প্ৰেমানন্দ মহাৰাজে ক’লে…

কোৱা হয় যে ঈশ্বৰৰ উদ্দেশ্যে যেতিয়া কোনো প্ৰসাদ আগবঢ়োৱা হয় তেতিয়া ঈশ্বৰ সন্তুষ্ট হয়। কেতিয়াবা, কটা ফল ভগৱানক প্ৰসাদ হিচাপে আগবঢ়োৱা দেখা যায়। এইটো ঠিক হয় নে? এই সন্দৰ্ভত বৃন্দাবনৰ আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজে কৈছে।

কটা নে গোটা, ভগৱানক কেনেকৈ ফল আগবঢ়াব লাগে? প্ৰেমানন্দ মহাৰাজে কলে...

Premananda Maharaj Ji Told Is It Right Or Wrong To Offer Cut Fruits To The God

Published: 

13 Sep 2025 19:42 PM

দৈনিক পূজাৰ পৰা আৰম্ভ কৰি যিকোনো ডাঙৰ পূজালৈকে ভগৱানক প্ৰসাদ আগবঢ়োৱা হয়। কম বেছি পৰিমাণে সকলোৱে বিভিন্ন ফল-মূল আৰু মিঠাই আগবঢ়ায়। ইয়াৰ বাহিৰেও ভক্তই বিভিন্ন মন্দিৰলৈ গৈ পূজা কৰাৰ সময়ত ভগৱানৰ দৰ্শন পোৱাৰ আগতে দোকানকৰ পৰা প্ৰসাদ ক্ৰয় কৰে । তাত ফুল, ফল-মূল, মিঠাই, ধূপ আৰু সেই সকলোবোৰ থাকে।

সেইবোৰকে ভক্তসকলে ভগৱানক আগবঢ়াই। এতিয়া প্ৰশ্ন হৈছে ভগৱান ফল কেনেকৈ আগবঢ়াব? গোটা নে কটা? এই সন্দৰ্ভত বৃন্দাবনৰ জনপ্ৰিয় আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজে কি কৈছে জানি লওক।

কোৱা হয় যে ঈশ্বৰৰ উদ্দেশ্যে যেতিয়া কোনো প্ৰসাদ আগবঢ়োৱা হয় তেতিয়া ঈশ্বৰ সন্তুষ্ট হয়। কেতিয়াবা, কটা ফল ভগৱানক প্ৰসাদ হিচাপে আগবঢ়োৱা দেখা যায়। এইটো ঠিক হয় নে? এই সন্দৰ্ভত বৃন্দাবনৰ আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজে কৈছে। লগতে কটা ফল ভগৱানক আগবঢ়ালে কি হয়, সেয়া সঠিক নে ভুল, সেই বিষয়েও বুজাই দিয়ে।

প্ৰেমানন্দ মহাৰাজৰ মতে আম, আপেল, তৰমুজ আদি ফলসমূহৰ গুটি থাকে। আৰু সেইবোৰ খাওঁতে সাধাৰণ মানুহে প্ৰথমে বিশুদ্ধ পানীত ধোৱে। তাৰ পিছত কাটে। সেই সময়ত গুটিবোৰ পেলাই দিয়ে। ভগৱানৰ ক্ষেত্ৰতো একেই কাম কৰা উচিত। প্ৰেমানন্দ মহাৰাজৰ মতে, প্ৰসাদ থালত ভগৱানক যিকোনো ফল দিয়াৰ আগতে পানীৰে অতি ভালদৰে পৰিষ্কাৰ কৰিব লাগে। তাৰ পিছত তাৰ পৰা গুটিবোৰ আঁতৰাই, ফলবোৰ ভগৱানৰ বাবে কাটিব লাগে।

যেনেকৈ কিছুমান মানুহে ভগৱানক কটা ফল-মূল আগবঢ়ায়, তেনেকৈয়ে বহুতে গোটা ফল ভগৱানৰ সন্মুখত প্ৰসাদ থাল বা শৰাইত সজাই থয়। প্ৰেমানন্দ মহাৰাজৰ মতে, ফল-মূল সদায় পৰিষ্কাৰকৈ কাটি ভগৱানক আগবঢ়াব লাগে। ইয়াৰ আঁৰত তেওঁ কয় যে মানুহে নিজে ফল-মূল খোৱাৰ সময়ত যিবোৰ কথা মনত ৰাখে, ভগৱানক ফল-মূল আগবঢ়াওঁতে সেইবোৰ কথা অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন।

লগতে পঢ়ক: বুধৰ স্থান সলনি, এইসমূহ ৰাশিৰ জীৱনলৈ আহিব ভাল দিন!

(বিশেষ টোকা – এই প্ৰতিবেদনত প্ৰকাশ কৰা বক্তব্যসমূহ তেওঁলোকৰ ব্যক্তিগত মতামত। এই ক্ষেত্ৰত TV9 অসমৰ কোনো দায়িত্ব নাই।)

পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!