নলবাৰীৰ ৰাস মহোৎসৱৰ ব্যতিক্ৰমী প্ৰয়াস, ৰাজপথত জিলিকিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি!

১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ৰাস মহোৎসৱত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

নলবাৰীৰ ৰাস মহোৎসৱৰ ব্যতিক্ৰমী প্ৰয়াস, ৰাজপথত জিলিকিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি!
Updated On: 

04 Nov 2025 22:58 PM

কাইলৈৰ পৰা নলবাৰীৰ হৰি মন্দিৰত অনুষ্ঠিত হব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতিবছৰে আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কিছু স্থানত মূৰ্তি ৰাস অনুষ্ঠিত হয়। নামনি অসমৰ অন্যতম নলবাৰীৰ ৰাস মহোৎসৱ। এই আধ্যাত্মিক উৎসৱ অন্যবছৰৰ দৰে আকষর্ণীয় কৰি তুলিবৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে। এইবছৰ নলবাৰীৰ ৰাসত বিভিন্ন পদক্ষেপ হাতত লৈছে কমিটিয়ে।

১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। এইবাৰ কেইবাখনো ভ্ৰাম্যমাণ নাট্যদলে নাট মঞ্চস্থ কৰিব। হেঙুল, বৰদৈচিলা, ইতিহাস আৰু সূৰ্যই মনপৰশা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সাজু হৈছে। ইয়াৰ সমান্তৰালকৈ থাকিব জীৱন্ত ৰাস, ভাওনা, যাদু, চাৰ্কাছ, গ্ৰন্থমেলাৰ লগতে আন বহুতো। এইবাৰ নলবাৰীৰ ৰাসৰ বিশেষ আকৰ্ষণ হৈছে জুবিন গাৰ্গৰ ৫২ ফুট ওখ গীটাৰ আৰু টুপি ৷ শ্ৰীশ্ৰীহৰিমন্দিৰ ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ এয়া অনবদ্য আকৰ্ষণ। ইফালে ৰাজপথ জিলিকি উঠিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি থকা ৰঙীণ লাইটৰ তোৰণেৰে।

৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৬ নৱেম্বৰ বিয়লি ৫ বজাত ৮০০০ শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব নলবাৰী গৰ্ডন খেলপথাৰত, ১৪ নৱেম্বৰ বিয়লি ৭ বজাত “প্ৰাণৰ জুবিন গানৰ জুবিন” কাৰ্যসূচীত ১০ গৰাকী শিল্পীৰ গীত পৰিৱেশন আৰু ১৫ নৱেম্বৰ ৰাতিপুৱা ৯ বজাত জুবিন সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে যোৱাবছৰৰ দৰে এইবাৰো প্ৰদৰ্শিত হব জীৱন্ত ৰাস ৷“ৰাস মধুৰম”ত অংশ লব নলবাৰীৰ যুৱক-যুৱতী আৰু কিশোৰ-কিশোৰীয়ে ৷ ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু নলবাৰীৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অসম গ্ৰন্থমেলা অনুষ্ঠিত হব। কেৱল সেয়াই নহয়, ভূপেন্দ্ৰ সংগীত, সত্ৰীয়া নৃত্যকে আদি কৰি বিভিন্ন প্ৰতিযোগীতাও অনুষ্ঠিত হ’ব।

পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰ ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ড° বাবুল চন্দ্ৰ দাসদেৱে। কাইলৈ পুৱা ১০ বজাত হৰি মন্দিৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক