Christmas 2025: আজি পবিত্ৰ বৰদিন, কেৰ’লৰ ধ্বনিৰে মুখৰিত চৌদিশ, সজাই তোলা হৈছে গুৱাহাটী মহানগৰী…
গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো চলিছে বৰদিনৰ ব্যাপক আয়োজন। বৰদিনৰ সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। এফালে আটক ধুনীয়াকৈ সাজু কৰা হৈছে গীৰ্জাঘৰ আনফালে কেৰলৰ ধ্বনিৰে মুখৰিত চৌদিশ। বৰদিন উৎযাপনৰ জৰিয়তে সমগ্ৰ দেশতে শান্তি সম্প্ৰীতিৰ বিৰাজ কৰিবৰ বাবে যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি জানিব দিছে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে ।

বৰদিন উদযাপন
আজি ২৫ ডিচেম্বৰ। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি । কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো লোকেই এই বৰদিনৰ আনন্দৰ অংশ হৈ পৰে । ইফালে খ্ৰীষ্টামাছ ট্ৰি, উপহাৰ আৰু উৎসৱৰ খাদ্যৰ সংগ্ৰহ কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰা বজাৰবোৰো ব্যস্ত হৈ পৰিছে। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিশ্বাস কৰে যে, আজিৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আজিৰ দিনটোত পালন কৰা হয় বৰদিন ।
কেৱল অসমতে নহয় উত্তৰ-পূব ভাৰতৰ আন ৰাজ্য কেইখনৰ লগতে ভাৰতৰ প্ৰতিটো প্ৰান্ততে অতি অনন্দৰে উদযাপন কৰা হৈছে খ্ৰীষ্টমাছ । সকলো প্ৰান্ততে থকা গীৰ্জাঘৰবোৰ জিলিকাই তোলা হৈছে । ৰঙীন লাইটেৰে সজাই তোলা হৈছে চহৰসমূহো । বৰদিনৰ আগদিনা নিশাৰ পৰা সমগ্ৰ বিশ্বৰ চহৰসমূহ ৰঙীন লাইটৰ পোহৰেৰে জিলিকি উঠে। যাৰ ফলত বৰদিন উদযাপনৰ বাবে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।
গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো চলিছে বৰদিনৰ ব্যাপক আয়োজন। বৰদিনৰ সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। এফালে আটক ধুনীয়াকৈ সাজু কৰা হৈছে গীৰ্জাঘৰ আনফালে কেৰলৰ ধ্বনিৰে মুখৰিত চৌদিশ। বৰদিন উৎযাপনৰ জৰিয়তে সমগ্ৰ দেশতে শান্তি সম্প্ৰীতিৰ বিৰাজ কৰিবৰ বাবে যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি জানিব দিছে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে ।
বৰদিনৰ এদিন আগতে গীৰ্জা আৰু বজাৰবোৰ জীপাল পোহৰ, জিলিকি থকা তৰা আৰু সুন্দৰকৈ সজাই তোলা খ্ৰীষ্টমাছৰ ক্ৰিবেৰে আলোকিত কৰা হয়। সকলোতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। এইদৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগে দেশৰ লগতে অসমৰ বৰদিনৰ উদযাপনৰ দৃশ্যবোৰ প্ৰতিফলিত হয় ।
কোৱা হয় যে প্ৰতিবছৰে ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছ পালন কৰা হয়, কাৰণ খ্ৰীষ্টানসকলে সেইদিনা যীচু খ্ৰীষ্টৰ জন্ম হৈছিল বুলি বিশ্বাস কৰে। যদিও বাইবেলত যীচুৰ জন্মৰ সঠিক তাৰিখ উল্লেখ কৰা হোৱা নাই, তথাপিও চতুৰ্থ শতিকাত ৰোমান সম্ৰাট কনষ্টেণ্টাইনে ২৫ ডিচেম্বৰক যীচু খ্ৰীষ্টৰ জন্মদিন হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছিল। ইয়াৰ ফলত খ্ৰীষ্টান সমাজে ২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰে।
যীচুৰ জন্মৰ কাহিনী
প্ৰাচীন কিংবদন্তি অনুসৰি গেব্ৰিয়েল নামৰ এজন স্বৰ্গদূতে মেৰী নামৰ এগৰাকী যুৱতীৰ ওচৰত আবিৰ্ভাৱ হৈছিল। তেওঁ মেৰীক ঈশ্বৰৰ পুত্ৰ জন্ম দিবলৈ ক’লে, কিন্তু সেই সময়ত মেৰী কুমাৰী আছিল। সময় পাৰ হৈ গ’ল আৰু যোচেফ নামৰ এজন যুৱকৰ সৈতে মেৰীৰ বিয়া হ’ল। তাৰ পাছত, গেব্ৰিয়েল দূতে মেৰীক সপোনত দেখা দি ক’লে যে তেওঁ অতি সোনকালে গৰ্ভৱতী হ’ব। তেওঁৰ সন্তান হ’ব নিজেই প্ৰভু যীচু। মেৰীয়ে তেতিয়াৰ ৰোমান সাম্ৰাজ্যৰ অংশ নাচৰতত বাস কৰিছিল।