মংগলৰ ৰাশি পৰিবৰ্তন! ধনৰ পৰা চাকৰিলৈ, এই ৫ ৰাশিৰ হ’ব সকলোতে উন্নতি…

জ্যোতিষত গ্ৰহ-নক্ষত্ৰৰ ৰাশি পৰিবৰ্তনৰ বিশেষ মহত্ব আছে। আজি মংগল গ্ৰহই মকৰ ৰাশিত প্ৰৱেশ কৰিছে। ইয়াৰ ভাল প্ৰভাৱ কেইবাটাও ৰাশিৰ ওপৰত পৰিব। বিভিন্ন দিশত কিছুমান ৰাশিৰ লোকে সফলতা লাভ কৰিব পাৰে।

মংগলৰ ৰাশি পৰিবৰ্তন! ধনৰ পৰা চাকৰিলৈ, এই ৫ ৰাশিৰ হব সকলোতে উন্নতি...

Mangal

Published: 

16 Jan 2026 | 02:41 PM

হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। জ্যোতিষত মংগল গ্ৰহক গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়। মংগল শক্তি, সাহস, শৌৰ্য, ভূমি, ভাতৃ আদিৰ কাৰক বুলি কোৱা হয়। মংগল গ্ৰহৰ ট্ৰেনজিত জ্যোতিষত বিশেষ বুলি ধৰা হয়। মংগলে যেতিয়া ৰাশি পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰত পৰে। ১৬ জানুৱাৰীত মংগল গ্ৰহণ মকৰ ৰাশিত প্ৰৱেশ কৰে।

আজি পুৱা ৪:৩৬ মান বজাত মংগল গ্ৰহণ মকৰ ৰাশিত প্ৰৱেশ কৰে। মকৰ ৰাশিত ইতিমধ্যে শুক্ৰ আৰু সূৰ্য আছে। গতিকে মংগলে প্ৰৱেশ কৰাৰ লগে লগে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হৈছে। এই যোগৰ ভাল প্ৰভাৱ ৫টা ৰাশিৰ ওপৰত পৰিব। যাৰ ফলত এই ৰাশিত ধন, স্বাস্থ্য, সম্পৰ্ক আদি বিভিন্ন দিশৰ পৰা উন্নতি লাভ কৰিব।

কি এই ৫টা ৰাশি

মেঘ ৰাশিঃ এই ৰাশিৰ লোকে এই যোগৰ বাবে কামৰ নতুন সুযোগ লাভ কৰিব। চাকৰি কৰাসকলে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকল লাভৱান হব পাৰে। কেৰিয়াৰত উন্নতিৰ যোগ আছে। চৰকাৰী কামত শুভ ফল লাভ কৰিব।

কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকে অংশীদাৰিত্বত কাম কৰিলে শুভ ফল লাভ কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমত উন্নতিৰ যোগ আছে। কেৰিয়াৰ আৰু পৰিয়ালত ভাল দেখা যায়। কেৰিয়াৰত উন্নতিৰ যোগ আছে।

কন্যা ৰাশিঃ এই সময়চোৱাত কন্যা ৰাশিৰ লোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। চাকৰি বিচাৰি থকাসকলৰ বাবে এই সময়খিনি অতি উত্তম। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশিঃ এই সময়চোৱাত বিপণন, বিক্ৰী, আৰু শিক্ষকতা বৃত্তিৰ সৈতে জড়িত লোকসকলে ভাল ফল লাভ কৰিব। কোনো শুভ খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত উন্নতিৰ যোগ আছে। ভাতৃ-ভগ্নীৰ পৰা সহায় লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

মকৰ ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে এই সময়খিনি অত্যন্ত শুভ। ধনৰ ক্ষেত্ৰত লাভ হব। নতুন চাকৰিৰ যোগ আছে।  কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ’ব।

(স্পষ্টীকৰণঃ এই লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ হাওঁফাওঁৰ লগত জড়িত সমস্যাত ভুগিছে নেকি? পতঞ্জলিয়ে আনিছে সমাধান… 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব