Mahashivratri 2025: তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ আয়োজন, শিৱ আৰাধনাৰ অন্যতম পীঠস্থান মহাভৈৰৱ মন্দিৰ

মহাশিৱৰাত্ৰিৰ দিনটো দেৱাদিদেৱ মহাদেৱৰ নামত উচৰ্গা কৰা হয়। কোৱা হয়, এই দিনটোতে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হৈছিল। ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত ব্ৰত পালন আৰু পূজা কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। মহাশিৱৰাত্ৰিকলৈ তেজপুৰৰ মহাভৈৰৱ মন্দিৰতো চলিছে ব্যপক প্ৰস্তুতি।

Mahashivratri 2025: তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ আয়োজন, শিৱ আৰাধনাৰ অন্যতম পীঠস্থান মহাভৈৰৱ মন্দিৰ

তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ আয়োজন

Published: 

22 Feb 2025 22:32 PM

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। শিৱভক্তসকলে গোটেই বছৰটো মহাশিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। এই তাৰিখতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয়। এই দিনটোত ৰাজ্যৰ ভিন্ন স্থানত থকা মন্দিৰত শিৱক আৰাধনা কৰা হয়। মহাশিৱৰাত্ৰি উপলক্ষে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো চলিছে মহাশিৱৰাত্ৰিৰ বিশেষ আয়োজন।

মহাভৈৰৱ মন্দিৰৰ মহত্ব আৰু ইতিহাস

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। পৰুৱা-মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল পিছত আহোম ৰাজত্ব কালত পুণৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়।

ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মান কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিওঁ নিয়োগ কৰিছিল, বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে।

কথিত আছে যে এই মন্দিৰত বাণ ৰজাৰ কন্যা ঊষাই দৈনিক পূজা অৰ্চনা কৰিছিল। মন্দিৰৰ মূল নিঙ্গ ভাগৰ দৈৰ্ঘ্য ৩.৩০ মিটাৰ আৰু ব্যাস ২.৩০ মিটাৰ। মন্দিৰৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ, অন্ন-প্ৰসন্ন আদিওঁ সম্পন্ন হয়। প্ৰতি বছৰে মহাশিৱৰাত্ৰী ধুম-ধামৰে অনুষ্ঠিত হৈ আহিছে। ভক্ত প্ৰাণ ৰাইজে মন্দিৰত, ছাগলী,গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে।

 

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension