Numerology: এই তাৰিখত জন্ম লাভ কৰাসকল অত্যন্ত ভাগ্যশালী! সহজে হয় উন্নতি, জানক সকলো…

Numerology: আপোনাৰ জন্ম তাৰিখে ভাগ্য় নিৰ্ণয় কৰিব পাৰে! এই কথা আপুনি জানেনে? জ্যোতিষ আৰু অংকশাস্ত্ৰ অনুসৰি, কিছুমান বিশেষ তাৰিখত জন্ম লাভ কৰা লোকসকল অতি ভাগ্যশালী হয়। এনে লোকক ভাগ্যই লগ দিয়ে।

Numerology: এই তাৰিখত জন্ম লাভ কৰাসকল অত্যন্ত ভাগ্যশালী! সহজে হয় উন্নতি, জানক সকলো...

অংকশাস্ত্ৰ

Published: 

10 Dec 2025 | 04:47 PM

আপোনাৰ জন্ম তাৰিখ কি? জ্যোতিষ আৰু সংখ্যা বিজ্ঞানত জন্মৰ তাৰিখৰ মহত্ব অধিক। জন্মৰ তাৰিখে ব্যক্তিৰ স্বভাৱ, ভৱিষ্যত, ভাগ্য আৰু সফলতাৰ মূল ভিত্তি হিচাপে গণ্য কৰা হয়। কিছুমান এনে সংখ্যা আছে, যি সংখ্যাত জন্ম লাভ কৰা ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰে। এনে লোকসকলৰ সদায় আৰ্থিক উন্নতি হয়। ইমানেই নহয়, সম্পৰ্ক, কেৰিয়াৰ আদি সকলো দিশতে ভাল। গতিকে কি তাৰিখত জন্ম লাভ কৰা ব্যক্তি ভাগ্যশালী হয় সেয়া তলত উল্লেখ কৰা হ’ল।

সংখ্যা ১: জন্ম তাৰিখ – ১, ১০, ১৯, ২৮, স্বামীঃ সূৰ্য

বৈশিষ্ট্যঃ এই লোকসকল জন্মগত লিডাৰ। এনেলোকৰ আত্মবিশ্বাস, সাহস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হয়।

ভাগ্য়শালীঃ  এনে লোকে উচ্চ পদবী লাভ কৰে। তেওঁলোকে সহজে ধনী হয়। চৰকাৰী বা প্ৰশাসনিক ক্ষেত্ৰতো সফলতা লাভ কৰে।নেতৃত্ব দিয়াৰ ক্ষমতা আছে।

সংখ্যা ৩: জন্ম তাৰিখ – ৩, ১২, ২১, ৩০, স্বামীঃ বৃহস্পতি

বৈশিষ্ট্য: এনে লোকসকলক জ্ঞানী, কঠোৰ পৰিশ্ৰমী আৰু সৎ। তেওঁলোকৰ মাজত জ্ঞান-বুদ্ধিৰ ভঁৰাল আছে।

ভাগ্য়শালীঃ  এনে লোকসকল অত্যন্ত ভাগ্যশালী। শিক্ষা, ধর্ম, আইন, কাউন্সেলিং আদি ক্ষেত্রত তেওঁলোকে যথেষ্ট সফলতা লাভ কৰে। আৰ্থিক অৱস্থা ভাল হয় আৰু সমাজত সন্মান লাভ কৰে।

৫ নম্বৰ: জন্ম তাৰিখ – ৫, ১৪, ২৩, স্বামী গ্ৰহ: বুধ

বৈশিষ্ট্য: এই লোকসকল দ্ৰুতবুদ্ধিসম্পন্ন আৰু যোগাযোগৰ দক্ষতা অতি উত্তম। সহজে পৰিৱৰ্তনৰ লগত খাপ খাই পৰে।

ভাগ্য়শালীঃ ব্যৱসায়িক আৰু আৰ্থিক দিশত ভাল। ৰিস্ক লবলৈ ভয় নকৰে আৰু সোনকালে টকা উপাৰ্জন কৰে। মাৰ্কেটিং, মিডিয়া আৰু ষ্টক মাৰ্কেটৰ দৰে ক্ষেত্ৰত এনেলোকে বহুত অগ্ৰগতি লাভ কৰে।

সংখ্যা ৬: জন্ম তাৰিখ – ৬, ১৫, ২৪, স্বামী গ্ৰহঃ শুক্ৰ

বৈশিষ্ট্য: এনে লোকসকল মনোমোহা, শিল্পকৰ্ম আৰু বিলাসীতাক ভাল পায়। তেওঁলোকে নিজৰ জীৱনত আৰাম আৰু বস্তুগত আনন্দ বিচাৰে।

ভাগ্যশালী: শুক্ৰৰ প্ৰভাৱে এনে লোকক ধনবান আৰু ভাগ্যবান কৰি তোলে।  শিল্প, ফেশ্বন, হোটেল ব্যৱসায় আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত সফলতা লাভ কৰে। জীৱনত বিলাসী বস্তুবোৰ সহজেই সংগ্ৰহ কৰে।

৯ নম্বৰ: জন্ম তাৰিখ – ৯, ১৮, ২৭, স্বামী গ্ৰহঃ মংগল গ্ৰহ

বৈশিষ্ট্য: এই লোকসকল শক্তিশালী, সাহসী আৰু অতি সংকল্পৰ। যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ তেওঁলোক দৃঢ়প্ৰতিজ্ঞ।

ভাগ্যশালী: এনে লোকসকল সাহসী হয়। এওলোকে জীৱনত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সম্পত্তি, সামৰিক, আৰক্ষী, অভিযান্ত্ৰিক ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰে। সামাজিক কামত ধন আৰু সন্মান লাভ কৰে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

অন্য খবৰ পঢ়কঃ জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আঁতৰি থাকক এনে লোকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...