Last Purnima Upay 2025: বছৰৰ শেষৰটো পূৰ্ণিমা, ধন লাভৰ বাবে কৰক এই সহজ উপায়…

Last Purnima 2025: কাইলৈ বছৰৰ শেষৰ পূৰ্ণিমা। হিন্দু ধৰ্মত পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। কোৱা হয় এই দিনটোত কিছুমান উপায় কৰিলে ধন লাভ হয় বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Last Purnima Upay 2025: বছৰৰ শেষৰটো পূৰ্ণিমা, ধন লাভৰ বাবে কৰক এই সহজ উপায়...

পূৰ্ণিমা

Published: 

03 Dec 2025 | 09:24 PM

হিন্দু ধৰ্মত পূৰ্ণিমা আৰু অমাৱস্যাৰ বিশেষ মহত্ব আছে। পূৰ্ণিমাৰ দিনটো লক্ষ্মী দেৱী আৰু চন্দ্ৰ দেৱতাৰ আশীৰ্বাদ লাভ কৰাৰ দিন বুলি কোৱা হয়। ইফালে অমাৱস্যা দিনটো পুৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰাৰ বাবে শুভ বুলি গণ্য কৰা হয়। ২০২৫ চনৰ অন্তিম পূৰ্ণিমা ৪ ডিচেম্বৰ, বৃহস্পতিবাৰে হ’ব। এই পূৰ্ণিমা (Purnima 2025) হৈছে মাৰ্গশীৰ্ষ পূৰ্ণিমা,যি অতি গুৰুত্বপূৰ্ণ। জ্যোতিষ অনুসৰি, এই দিনটোত কিছুমান উপায় কৰিলে ধন লাভ হয়।

কি কৰিব লাগে

লক্ষ্মী দেৱীৰ পূজাঃ পূৰ্ণিমাৰ নিশা লক্ষ্মী দেৱীক পূজা কৰিব লাগে। দেৱীৰ সন্মুখত চাকি জ্বলাই ১০৮ বাৰ “ওম: শ্ৰীম হ্ৰীম ক্লিম ক্লীম ত্ৰিভুৱন মহালক্ষ্ম্যই আস্মানকা দৰিদ্ৰ্য নশয় প্ৰভাৰ ধন দেহি দেহি ক্লিম হ্ৰীম শ্ৰীম ওম” মন্ত্ৰ জপ কৰক।

চন্দ্ৰক অৰ্ঘঃ পূৰ্ণিমাৰ নিশা এটা পাত্ৰত পানী, চাউল আৰু ফুল লৈ চন্দ্ৰৰ সন্মুখত ৰাখি চন্দ্ৰক অৰ্পন কৰিব লাগে। ইয়াৰ ফলত ৰাশিফলত চন্দ্ৰৰ স্থান শক্তিশালী হয় বুলি কোৱা হয়।

মন্ত্ৰ জপঃ পূৰ্ণিমাৰ নিশা লক্ষ্মী আৰু নাৰায়ণৰ আশীৰ্বাদ লাভ কৰিবলৈ ”ওমঃলক্ষ্মিয়ে নম”  বা ”ওমঃনমো ভাগৱতে বাসুদেৱায়” জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰা যায় আৰু আধ্যাত্মিক প্ৰগতি হয়।

শ্ৰীসূক্ত বা কনকধৰ স্তোত্ৰ পাঠ কৰাঃ ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ধন-সম্পত্তি লাভ কৰিবলৈ হ’লে পূৰ্ণিমাৰ নিশা শ্ৰীসূক্ত বা কনকধৰ স্তোত্ৰ পাঠ কৰিব লাগিব। এনে কৰিলে ঘৰলৈ লক্ষ্মীৰ আগমন হয়।

তুলসী পূজাঃ পূৰ্ণিমাৰ নিশা তুলসী গছৰ তলত ঘিউৰ চাকি জ্বলাই সাতবাৰ প্ৰদক্ষিণ কৰিব লাগে। ইয়াৰ ফলত ঘৰত সুখ-শান্তি আৰু সমৃদ্ধি হয়।

আহত গছঃ আহত গছৰ তলত চাকি জ্বলাব পাৰে। এনে কৰিলে আৰ্থিক অৱস্থা ভাল হয়। ইয়াৰোপৰি ত্ৰিদেৱৰ আশীৰ্বাদ লাভ কৰা যায়।

কড়িঃ এই নিশা লক্ষ্মীৰক ৫ টা হালধীয়া কড়ি অৰ্পন কৰক। পাছত ৰঙা কাপোৰেৰে বান্ধি নিৰাপদ স্থাপন ৰাখক। ইয়াৰ ফলত ধন-সম্পত্তিৰ শ্ৰীবৃদ্ধি হয়।

শিৱ পূজাঃ পূৰ্ণিমাৰ নিশা শিৱলিংগত দৈ, গাখীৰ, মৌ আদি ঢালিব পাৰে। ইয়াৰ দ্বাৰা ভক্তই বিভিন্ন সমস্যাৰ দ্বাৰা সমাধান লাভ কৰে।

 

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ নতুন চাকৰি লাভৰ যোগ, আৰ্থিক উন্নতি…২০২৬ চনত ভাল দিন আহিব এই ৩ ৰাশিৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...