Sarad purnima: আজি আহিনৰ পূৰ্ণিমা, নিশা কৰক এই কাম, ধনেৰে উপচি পৰিব ঘৰ…

Sarad purnima: হিন্দু ধৰ্মত শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিনৰ পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই দিনটোত কিছু নিয়ম মানি চলিলে ভক্তৰ মনোবাঞ্চা পূৰণ হয় আৰু জীৱনত উন্নতি হয়।

Sarad purnima: আজি আহিনৰ পূৰ্ণিমা, নিশা কৰক এই কাম, ধনেৰে উপচি পৰিব ঘৰ...

শাৰদ পূৰ্ণিমা

Published: 

16 Oct 2024 | 08:10 PM

হিন্দু ধৰ্মত শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিনৰ পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই দিনটোতেই মা লক্ষ্মীৰ পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস আৰু মান্যতা অনুসৰি এই দিনটোত কিছু নিয়ম মানি চলিলে ভক্তৰ মনোবাঞ্চা পূৰণ হয় আৰু মা লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰে। আজিৰ আকাশত চন্দ্ৰ উজ্বলি থাকে। কোৱা হয়, আজি নিশা চন্দ্ৰৰ পোহৰত পায়খ ৰাখিলে সেয়া অমৃততুল্য হয়।এই পায়খ খালে মানুহৰ স্বাস্থ্য ভাল হয় আৰু দীৰ্ঘায়ু লাভ কৰে। আকাশত চন্দ্ৰ ওলোৱাৰ পাছতেই এই পায়খ চন্দ্ৰৰ পোহৰত ৰাখিব লাগে।

মান্যতা অনুসৰি, চন্দ্ৰ উদয়ৰ লগে লগে চন্দ্ৰৰ পোহৰত পায়খ ৰখাটো শুভ বুলি ধৰা হয়। পায়খ চন্দ্ৰৰ পোহৰত কমেও ৩ ঘন্টা ৰাখিব লাগে। শৰদ পূৰ্ণিমাৰ চন্দ্ৰপথৰ নিশা পায়খ প্ৰস্তুত কৰাৰ পৰম্পৰা বহু বছৰ ধৰি চলি আহিছে। ৰূপৰ পাত্ৰত খীৰ বা পায়খ ৰাখিলে ইয়াক অধিক শুভ বুলি গণ্য কৰা হয় ।

শুভ সময়

তথ্য অনুসৰি শৰদ পূৰ্ণিমাৰ সন্ধিয়া অৰ্থাৎ ১৬ অক্টোবৰৰ সন্ধিয়া ৫.০৪ বজাত । চন্দ্ৰৰ পোহৰত পায়খ ৰখাৰ সময় সন্ধিয়া ৭.১৮ বজালৈকে হ’ব, কাৰণ এই সময়ছোৱাত ৰবি যোগ হ’ব। যদি এই মুহুৰ্তাত পায়খ বনাব পৰা নাই তেন্তে পুৱা ৮.৪০ বজাৰ আগতে চন্দ্ৰৰ পোহৰত পায়খ ৰাখক আৰু কমেও ২ৰ পৰা ৩ ঘণ্টা পায়খখিনি চন্দ্ৰৰ পোহৰত ৰাখক। এই পায়খ  অমৃত সদৃশ হয়।

কেনেকৈ কৰিব

  • বনাবলৈ বিশুদ্ধ গাখীৰ,  চাউল আৰু চেনি আদি ব্যৱহাৰ কৰিব লাগে।
  • শাৰদ পূৰ্ণিমাৰ নিশা ৰূপৰ পাত্ৰত পায়খ ৰাখক, কাৰণ ৰূপৰ পাত্ৰক বিশুদ্ধ বুলি গণ্য কৰা হয় আৰু চন্দ্ৰৰ লগত জড়িত।
  • চন্দ্ৰৰ পোহৰৰ ৰশ্মি পোনে পোনে পৰা ঠাইত পায়খখিনি ৰাখক।
  • পায়খখিনি ৰখাৰ সময়ত ওম নম শিৱায়’ বা ‘অম শ্ৰীম হ্ৰীম শ্ৰীম কমলে কমলায় প্ৰসিদ্ধ প্ৰসিদ্ধ মাম’ মন্ত্ৰ জপ কৰক।
  • যেতিয়া পায়খ ২ বা ৩ ঘন্টা ৰখা হ’ব, তেতিয়া ইয়াক প্ৰসাদ হিচাপে ভক্তৰ মাজত বিতৰণ কৰক।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব