Lakshmi puja 2025: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, জানক পূজাৰ শুভ সময়, নিয়ম সকলো…

ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে যে শাৰদ পূৰ্ণিমাৰ নিশা পায়স অমৃতৰ দৰে হৈ পৰে, আৰু ইয়াক প্ৰসাদ  হিচাপে সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ হয়।যদি শাৰদ পূৰ্ণিমা সোমবাৰে পৰে, তেন্তে এই সংমিশ্ৰণক অতিকৈ শুভ বুলি গণ্য কৰা হয়।

Lakshmi puja 2025: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, জানক পূজাৰ শুভ সময়, নিয়ম সকলো...

আজি লক্ষ্মী পূজা

Updated On: 

06 Oct 2025 11:15 AM

আজি আহিন মাহৰ শুক্ল পক্ষ পূৰ্ণিমা তিথি। লগতে আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। শাৰদ পূৰ্ণিমাৰ নিশা লক্ষ্মী দেৱীয়ে পৃথিৱীত বিচৰণ কৰে আৰু সৎ, জাগ্ৰত, পূজা-অৰ্চনাত নিয়োজিত লোকসকলৰ ঘৰত ধন-সম্পত্তি, সমৃদ্ধি আৰু সৌভাগ্য স্থায়ীভাৱে বাস কৰে বুলি বিশ্বাস কৰা হয়।

লক্ষ্মী পূজাৰ তাৰিখ আৰু সময়

পঞ্জিকা অনুসৰি, ৬ অক্টোবৰৰ দুপৰীয়া ১২:২৩ বজাৰ পৰা পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব আৰু ৭ অক্টোবৰৰ পুৱা ৯:১৬ বজাত শেষ হ’ব। যিহেতু ৬ অক্টোবৰত পূৰ্ণিমাৰ আৰম্ভণি আৰু এই দিনটোত চন্দ্ৰ দেখা যাব, গতিকে এই দিনটোতে লক্ষ্মী পূজা পালন কৰা হ’ব। এক কথাত ২০২৫ চনৰ লক্ষ্মী পূজা ৬ অক্টোবৰত পালন কৰা হৈছে।

পূজাৰ নিয়ম

ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে যে শাৰদ পূৰ্ণিমাৰ নিশা পায়স অমৃতৰ দৰে হৈ পৰে, আৰু ইয়াক প্ৰসাদ  হিচাপে সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ হয়।যদি শাৰদ পূৰ্ণিমা সোমবাৰে পৰে, তেন্তে এই সংমিশ্ৰণক অতিকৈ শুভ বুলি গণ্য কৰা হয়। সেই নিশাই শিৱ আৰু লক্ষ্মী উভয়ৰে আশীৰ্বাদ লাভ কৰে। কেঁচা গাখীৰ, মৌ, পানী, বেলপাত শিৱলিংগক অৰ্পণ কৰি, ওম নমশ শিৱয় বা ওম সোমেশ্বৰায় নম মন্ত্ৰ জপ কৰক।

লক্ষ্মী পূজা কৰিবলৈ ঘৰৰ মহিলাসকলে বিশেষ ঠাইত ঘট স্থাপন কৰি তাত ৰঙা বা হালধীয়া কাপোৰ বান্ধে। কিছুমানে লক্ষ্মীৰ মূৰ্তিও ৰাখে। পাছত বিভিন্ন নীতি-নিয়মৰ মাজেৰে ধূপ-বন্তি জ্বলাই পাচালী পঢ়ে। লক্ষ্মী দেৱীক পদুম ফুল, বগা মিঠাই, নাৰিকল আগবঢ়োৱা শুভ বুলি কোৱা হয়। তাৰ পাছতে ভক্তৰ মাজত প্ৰসাদ বিতৰণ কৰে।

এই পূজাত গৃহিনীসকলে সুস্বাদু খাদ্য তৈয়াৰ কৰে। পায়খ, বিভিন্ন প্ৰকাৰৰ মিঠাই বনায়। কিছুমান ঠাইত পূজাত ব্যৱহাৰ কৰা নাৰিকলৰ পানী চকুত দিয়াৰ মান্যতা আছে। ইয়াৰোপৰি কিছুমানে নিশা পায়খ এবাতি চন্দ্ৰৰ পোহৰত থৈ দিয়ে আৰু পুৱা ভগৱানক আগবঢ়াই সেয়া খায়। মুঠতে সকলো ঠাইতে বেলেগ বেলেগ নিয়মৰ মাজেদি পূজা কৰা হয়।

ধন প্ৰাপ্তিৰ পূৰ্বে মা লক্ষ্মীয়ে দিয়ে এই ৫ টা সংকেত! কি কি জানক...
কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
উচ্চ ৰক্তচাপৰ পৰা ডায়েবেটিছলৈ... বহু সমস্যা দূৰ কৰিব মধুৰীআমে!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...