Lakshmi puja 2025: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, জানক পূজাৰ শুভ সময়, নিয়ম সকলো…

ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে যে শাৰদ পূৰ্ণিমাৰ নিশা পায়স অমৃতৰ দৰে হৈ পৰে, আৰু ইয়াক প্ৰসাদ  হিচাপে সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ হয়।যদি শাৰদ পূৰ্ণিমা সোমবাৰে পৰে, তেন্তে এই সংমিশ্ৰণক অতিকৈ শুভ বুলি গণ্য কৰা হয়।

Lakshmi puja 2025: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা, জানক পূজাৰ শুভ সময়, নিয়ম সকলো...

আজি লক্ষ্মী পূজা

Updated On: 

06 Oct 2025 | 11:15 AM

আজি আহিন মাহৰ শুক্ল পক্ষ পূৰ্ণিমা তিথি। লগতে আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। শাৰদ পূৰ্ণিমাৰ নিশা লক্ষ্মী দেৱীয়ে পৃথিৱীত বিচৰণ কৰে আৰু সৎ, জাগ্ৰত, পূজা-অৰ্চনাত নিয়োজিত লোকসকলৰ ঘৰত ধন-সম্পত্তি, সমৃদ্ধি আৰু সৌভাগ্য স্থায়ীভাৱে বাস কৰে বুলি বিশ্বাস কৰা হয়।

লক্ষ্মী পূজাৰ তাৰিখ আৰু সময়

পঞ্জিকা অনুসৰি, ৬ অক্টোবৰৰ দুপৰীয়া ১২:২৩ বজাৰ পৰা পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব আৰু ৭ অক্টোবৰৰ পুৱা ৯:১৬ বজাত শেষ হ’ব। যিহেতু ৬ অক্টোবৰত পূৰ্ণিমাৰ আৰম্ভণি আৰু এই দিনটোত চন্দ্ৰ দেখা যাব, গতিকে এই দিনটোতে লক্ষ্মী পূজা পালন কৰা হ’ব। এক কথাত ২০২৫ চনৰ লক্ষ্মী পূজা ৬ অক্টোবৰত পালন কৰা হৈছে।

পূজাৰ নিয়ম

ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে যে শাৰদ পূৰ্ণিমাৰ নিশা পায়স অমৃতৰ দৰে হৈ পৰে, আৰু ইয়াক প্ৰসাদ  হিচাপে সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ হয়।যদি শাৰদ পূৰ্ণিমা সোমবাৰে পৰে, তেন্তে এই সংমিশ্ৰণক অতিকৈ শুভ বুলি গণ্য কৰা হয়। সেই নিশাই শিৱ আৰু লক্ষ্মী উভয়ৰে আশীৰ্বাদ লাভ কৰে। কেঁচা গাখীৰ, মৌ, পানী, বেলপাত শিৱলিংগক অৰ্পণ কৰি, ওম নমশ শিৱয় বা ওম সোমেশ্বৰায় নম মন্ত্ৰ জপ কৰক।

লক্ষ্মী পূজা কৰিবলৈ ঘৰৰ মহিলাসকলে বিশেষ ঠাইত ঘট স্থাপন কৰি তাত ৰঙা বা হালধীয়া কাপোৰ বান্ধে। কিছুমানে লক্ষ্মীৰ মূৰ্তিও ৰাখে। পাছত বিভিন্ন নীতি-নিয়মৰ মাজেৰে ধূপ-বন্তি জ্বলাই পাচালী পঢ়ে। লক্ষ্মী দেৱীক পদুম ফুল, বগা মিঠাই, নাৰিকল আগবঢ়োৱা শুভ বুলি কোৱা হয়। তাৰ পাছতে ভক্তৰ মাজত প্ৰসাদ বিতৰণ কৰে।

এই পূজাত গৃহিনীসকলে সুস্বাদু খাদ্য তৈয়াৰ কৰে। পায়খ, বিভিন্ন প্ৰকাৰৰ মিঠাই বনায়। কিছুমান ঠাইত পূজাত ব্যৱহাৰ কৰা নাৰিকলৰ পানী চকুত দিয়াৰ মান্যতা আছে। ইয়াৰোপৰি কিছুমানে নিশা পায়খ এবাতি চন্দ্ৰৰ পোহৰত থৈ দিয়ে আৰু পুৱা ভগৱানক আগবঢ়াই সেয়া খায়। মুঠতে সকলো ঠাইতে বেলেগ বেলেগ নিয়মৰ মাজেদি পূজা কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...