Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, আজিৰ দিনটোৰ মহত্ত্ব কি ? জানক…

লক্ষ্মী পূজা বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমত অতি ভক্তিৰে পালন কৰা হয়। এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয়।

Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, আজিৰ দিনটোৰ মহত্ত্ব কি ? জানক...

লক্ষ্মী পূজা ২০২৪

Updated On: 

16 Oct 2024 09:00 AM

আজি লক্ষ্মী পূজা । কোজাগৰী লক্ষ্মী পূজা বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমত অতি ভক্তিৰে পালন কৰা হয়। এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয়। আজিৰ দিনটোত ভক্তসকলে কোজাগৰী ব্ৰত পালন কৰি উপবাসে থাকে আৰু নিশাটো জাগি থাকে । বিশ্বাস অনুসৰি, আজি নিশা লক্ষ্মী দেৱীয়ে জাগি থকাসকলক ধন-সম্পত্তি আৰু সমৃদ্ধি প্ৰদান কৰি আশীৰ্বাদ দিবলৈ পৃথিৱীলৈ নামি আহে।

এইবাৰ কোজাগৰী ব্ৰত ২০২৪ৰ তাৰিখ আৰু সময়

  • কোজাগৰী লক্ষ্মী পূজা তাৰিখ :  বুধবাৰ, ১৬ অক্টোবৰ, ২০২৪
  • কোজাগৰী পূজা দিনটোত চন্দ্ৰ উদয় : সন্ধিয়া ০৫:০৬ বজাত
  • পূৰ্ণিমা তিথি আৰম্ভ :  নিশা ০৮:৪০ বজাত
  • পূৰ্ণিমা তিথি শেষ : ১৭ অক্টোবৰ তাৰিখে বিয়লি ০৪:৫৫ বজাত

কোজাগৰী শব্দটোৰ অৰ্থ হৈছে-“কো জাগৰ্তী”। যাৰ অৰ্থ হৈছে “কোন জাগ্ৰত ?” । ইয়াৰ দ্বাৰা পূৰ্ণিমা নিশা জাগ্ৰত হৈ দেৱী লক্ষ্মীৰ প্ৰতি পূজা-অৰ্চনা কৰাৰ পৰম্পৰাক বুজোৱা হয় । বিশ্বাস অনুসৰি, এই নিশা দেৱীয়ে পৃথিৱীত বিচৰণ কৰি যিসকল জাগ্ৰত হৈ থাকে তেওঁলোকক ধন-সম্পত্তি প্ৰদান কৰাৰ লগতে সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়ে। গতিকে কোজাগৰী লক্ষ্মী পূজাৰ দিনা ভক্তসকলে লক্ষ্মী দেৱীক বিশেষ পূজা-অৰ্চনা কৰাৰ লগতে সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

এই নিশা লক্ষ্মী দেৱী আদৰিবলৈ গোটে ৰাতি ভক্তসকল সাৰ পাই থাকে । ভক্তসকলে বিশ্বাস কৰে যে, এই ব্ৰত পালন কৰিলে ঐশ্বৰিক আশীৰ্বাদ পোৱা যায় আৰু আৰ্থিক সমস্যা দূৰ হয় । এই পৰম্পৰাৰ মূলতে- প্ৰাচীন বিশ্বাস অনুসৰি দেৱী লক্ষ্মী জাগ্ৰত হৈ থকাসকলৰ ভক্তিত সন্তুষ্ট হয় আৰু তেওঁলোকক ধন-সম্পত্তি আৰু সমৃদ্ধিৰ বাবে আৰ্শীবাদ দিয়ে । লক্ষ্মী পূজাৰ দিনটোত ব্ৰত পালন কৰিলে আৰ্থিক স্থিতিশীলতা, সুস্বাস্থ্য আৰু জীৱনলৈ সুখ আহে বুলি বিশ্বাস কৰা হয় । লক্ষ্মী পূজাৰ নিশা ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা