Magh Month 2025: আজি হেঁপাহৰ মাঘ বিহু, মাঘ মাহত ভুলতেও নকৰিব এইবোৰ কাম!

হিন্দু ধৰ্মত মাঘ মাহ অতি গুৰুত্বপূৰ্ণ। এই মাহতে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। মাঘ মাহত গংগাত স্নান কৰিলে পাপৰ পৰা মুক্ত হয় বুলি ধৰ্মীয় বিশ্বাস আছে। জানক এই মাহত কি কৰিব লাগে আৰু কি কৰিব নালাগে।

Magh Month 2025: আজি হেঁপাহৰ মাঘ বিহু, মাঘ মাহত ভুলতেও নকৰিব এইবোৰ কাম!

মাঘ মাহত ভুলতেও নকৰিব এইবোৰ কাম!

barasha-misra
Updated On: 

14 Jan 2025 21:43 PM

Magh Month 2025: হিন্দু ধৰ্মত মাঘ মাহক বিশেষভাৱে পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই মাহত ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ পূজাৰ গুৰুত্ব আছে। শ্ৰী হৰি বিষ্ণু আৰু লক্ষ্মীক পূজা কৰিলে জীৱনত সুখ, সমৃদ্ধি পোৱা যায়। মাঘ মাহত গংগাত স্নান কৰাৰো বিশেষ তাৎপৰ্য আছে। এই মাহত গংগাত স্নান কৰিলে পূণ্য পোৱা যায় আৰু শুভ ফল লাভ কৰা যায়।

মাঘ মাহত কৰা পূজা আৰু ধৰ্মীয় কাম-কাজৰ দ্বাৰা এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়। মকৰ সংক্ৰান্তিৰ পৰা অৰ্থাৎ ২০২৫ চনৰ ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মাঘ মাহ ১২ ফেব্ৰুৱাৰীলৈকে চলিব। মাঘ মাহত কি কৰিব লাগে, কি কৰিব নালাগে সকলো কথা জানো আহক।

মাঘ মাহত কি নকৰিব আৰু কি কৰিব?

  • মাঘ মাহত সূৰ্য দেৱৰ লগত বিষ্ণুক পূজা কৰাৰ পৰম্পৰা আছে।
  • মাঘ মাহত কৰা ধৰ্মীয় কামৰ ফলত দুগুণ ফলাফল পোৱা যায়।
  • মাঘ মাহত প্ৰতিদিনে গীতা পাঠ কৰিব লাগে।
  • মাঘ মাহত পবিত্ৰ নদীত স্নান কৰিব লাগে।
  • মাঘ মাহত তুলসী পূজা কৰিব লাগে, এই পূজাই দেৱী লক্ষ্মীকো সন্তুষ্ট কৰে।
  • মাঘ মাহত গৰম কাপোৰ দান কৰিব লাগে।
  • মাঘ মাহত তামসিক বস্তু সেৱন কৰিব নালাগে।
  • মাঘ মাহত ভুলতেও মূলা সেৱন কৰিব নালাগে।
  • মাঘ মাহত গংগাত স্নান কৰিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে।
  • মাঘ মাহত কাজিয়াৰ পৰা আঁতৰি থাকিব লাগে।
  • মাঘ মাহত তিল আৰু সৰিয়হৰ তেল দান কৰিব লাগে।
  • মাঘ মাহত ঘৰত কোনো ধৰণৰ লেতেৰা ৰাখিব নালাগে।
  • মাঘ মাহত আন ব্যক্তিৰ বিষয়ে বেয়াকৈ কোৱাৰ পৰা বিৰত থাকিব লাগে।
  • মাঘ মাহত ৰূপৰ সামগ্ৰী কিনিব নালাগে।

 

ঋণৰ বোজাৰ পৰা মুক্ত হ'বলৈ এই নিয়ম মানি চলক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণে দেখা দিলে এই কাম কৰক, লগে লগে নিয়ন্ত্ৰণ হ'ব...
বাৰিষাৰ বতৰত ৰোগমুক্ত হৈ থাকিব বিচাৰেনে? খাওক এইসমূহ ফল...
ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদেৰে উপচি পৰিব জীৱন, জন্মাষ্টমীত অৰ্পণ কৰক এইসমূহ সামগ্ৰী