Kitchen Vastu Tips: বাঢ়িব অশান্তি, কামত আহিব বাধা! পাকঘৰত কেতিয়াও নকৰিব এই ভুল…

Kitchen Vastu Tips: বাস্তু শাস্ত্ৰত পাকঘৰক বিশেষ গুৰুত্ব দিয়া হয়। বাস্তু অনুসৰি পাকঘৰত কিছুমান বস্তু একেলগে ৰাখিব নালাগে। ইয়াৰ ফলত বাস্তু দোষ হোৱাৰ সম্ভাৱনা থাকে, যিয়ে জীৱনত সমস্যা আনিব পাৰে।

Kitchen Vastu Tips: বাঢ়িব অশান্তি, কামত আহিব বাধা! পাকঘৰত কেতিয়াও নকৰিব এই ভুল...

পাকঘৰ

Published: 

26 Dec 2025 09:02 AM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰ (Vastu Tips)ৰ গুৰুত্ব অধিক। বাস্তু নিয়মে মানুহৰ জীৱনৰ বহু সমস্যা দূৰ কৰে। বাস্তুত পাকঘৰটোক বিশেষ গুৰুত্ব দিয়া হয়। পাকঘৰৰ কিছুমান দিশে ঘৰৰ শান্তি, উন্নতি আদিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে বাস্তুৰ নিয়মবোৰ আওকাণ কৰিলে সমস্যা আহিব পাৰে। বাস্তুত উল্লেখ আছে যে, পাকঘৰত কিছুমান বস্তু কেতিয়াও একেলগে ৰাখিব নালাগে। ইয়াৰ ফলত আৰ্থিক সমস্যা আৰু সুখ-শান্তি প্ৰভাৱিত হ’ব পাৰে।

কি কি ৰাখিব নালাগে

নিমখ-হালধিঃ পাকঘৰৰ অপৰিহাৰ্য মচলা নিমখ আৰু হালধি। কিন্তু এই দুয়োটা বস্তু একেলগে ৰাখিব নালাগে। নিমখ ৰুচি আৰু শক্তিৰ লগত জড়িত, আনহাতে হালধি মংগলৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ই পূজাৰ লগতো জড়িত। দুয়োটা একেলগে ৰাখিলে ঘৰত অশান্তি বাঢ়িব পাৰে।

চন্দ্ৰ আৰু শুক্ৰৰ লগত নিমখৰ সম্পৰ্ক

জ্যোতিষৰ মতে চন্দ্ৰ আৰু শুক্ৰৰ লগত নিমখৰ সম্পৰ্ক আছে। নিমখে মন আৰু আৱেগক প্ৰভাৱিত কৰে। পাকঘৰত নিমখ সঠিক ঠাইত নাৰাখিলে  পৰিয়ালৰ সদস্যসকল খিংখিঙীয়া হ’ব পাৰে। সেয়ে নিমখ পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। নিমখৰ পাত্ৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে।

ইফালে হালধি মংগলৰ প্ৰতীক, যাক পূজাত ব্যৱহাৰ কৰা হয়। ই ভগৱান গণেশৰ সৈতেও জড়িত। গতিকে হালধি সদায় পৰিষ্কাৰ ঠাই আৰু পাত্ৰত ৰাখিব লাগে।

একেলগে ৰাখিলে কি হয়

নিমখ আৰু হালধি একেলগে ৰাখিলে ঘৰত সংঘাত আৰু উত্তেজনা বৃদ্ধি পায়। পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া বৃদ্ধি পাব পাৰে। যিকোনো কথাত অস্বস্তি অনুভৱ কৰিব পাৰে। কামবোৰ সম্পূৰ্ণ হোৱাত বাধা আহিব পাৰে। আনকি সিদ্ধান্ত লোৱাত বিভ্ৰান্তি হ’ব পাৰে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয়া মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ শীতকালত আমলখি খালে শৰীৰৰ কি কি লাভ হয়? জানক…

আপোনাৰ মনতো আছে নেকি হৃদৰোগৰ ভয়? এনে খাদ্যই দূৰ কৰিব হৃদযন্ত্ৰৰ চিন্তা
এই ৫টা ভুলে মানুহক কৰিব পাৰে দৰিদ্ৰ! জানক সকলো...
শীতকালত ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ ৫ টা সহজ উপায়, জানক চিকিৎসকৰ পৰা...
মাছ-মাংস নহ’লেও কথা নাই, এই ৫ বিধ ফলেই দেহত পূৰ কৰে প্ৰটিনৰ অভাৱ
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী