Kati Bihu: ধনে-ধানে ভৰক আপোনাৰ ঘৰ… কাতি বিহুত এইদৰে সকলোৰে মংগল কামনা কৰক
আজি কাতি বিহু। যদিও কাতি মাহত ভোগ আৰু আনন্দৰ বিপৰীতে অনুষ্টুপীয়াকৈ পালন কৰে তথাপিও বছৰটো ভালদৰে যাবলৈ পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ ঘৰ ধান-ধনেৰে নদন-বদন হ'বলৈ মংগল কামনা কৰক।

কাতি বিহুত এইদৰে সকলোৰে মংগল কামনা কৰক
“শৰতৰ সন্ধিয়া আজি অতি বিতোপন, কৰ যোৰে সেৱা জনাওঁ তুলসী তলত”। আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। এই দিনটোতে সন্ধিয়া পৰত শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল কামনা কৰি তুলসী তলত বন্তি জ্বলোৱা পৰম্পৰা অসমৰ জনজীৱনৰ অভিন্ন লোকাচাৰ। যদিও ৰঙালী আৰু ভোগালীৰ দৰে এই বিহুত ৰং-ৰহইচৰ প্ৰাধান্য নাই তথাপি কাতি বিহুৱে অসমীয়া সমাজত গ্ৰহণ কৰি আহিছে এক স্বকীয় ভূমিকা। এই বিহুত অভাৱ-অনাটনে দেখা দিয়ে বাবে শুভেচ্ছাৰ পৰিৱৰ্তে আপোনজনৰ মংগল কামনা কৰা হয়। তলত সেয়া উল্লেখ কৰা হ’ল…
মংগল বাৰ্তা
যদিও কাতি মাহত ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰে তথাপিও বছৰটো ভালদৰে যাবলৈ পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ ঘৰ ধান-ধনেৰে নদন-বদন হ’বলৈ মংগল কামনা কৰক।
- কাতি বিহু উপলক্ষে সকলোৰে মংগল কামনা কৰাৰ লগতে কৃষক-ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা জনালোঁ।
- কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন, অনাগত দিনবোৰত পথাৰবোৰ সোণগুটিৰে উপচি শস্যশ্যামলা হৈ পৰক।
- কঙালীৰ আকাশ বন্তিৰ পোহৰেৰে উজলি উঠক আমাৰ সমাজ জীৱন৷ শস্য-শ্যামলা হৈ পৰক আমাৰ পথাৰ৷ নাশ হওক সমাজৰ অসূয়া-অমংগল, তাৰেই কামনা কৰিলোঁ।
- নতুন সম্ভাৱনাৰে সোণোৱালী হৈ উঠক কৃষিজীৱী ৰাইজৰ সপোন, ধনে-ধানে ভৰক আপোনাৰ ঘৰ, ঈশ্বৰে মংগল কৰক।
- তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে । কাতি বিহুৰ ওলগ জনালোঁ।
- কাতি বিহুৰ শুভ সন্ধিয়াত জ্বলি উঠিছে তুলসীৰ তলত আশাৰ চাকি আৰু পথাৰতো জ্বলি উঠিল সোণগুটিক আদৰণি জনোৱা আকাশবন্তি।
- কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱী ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে উপচি পৰক হেঁপাহৰ প্ৰতিটো ভঁৰাল, ঈশ্বৰে মংগল কৰক সকলোৰে।
- কাতি বিহুৱে আমাৰ পৰম্পৰা, স্বকীয় কৃষ্টিৰ এক নিজস্ব পৰিচয় দাঙি ধৰে। কঙালীৰ এই পৱিত্ৰ দিনটোত অসমবাসীৰ মংগল কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তুলসী তলৰ চাকিগছি আৰু আকাশ বন্তিৰ আলোকে চহা ৰাইজৰ ভঁৰালঘৰ উজলাই তোলক, লখিমীৰে উপচি পৰক ভঁৰাল।