Kati Bihu 2024: কাতি বিহুত আকাশ বন্তি কিয় জ্বলায়? এই বিহুৰ নীতি-নিয়ম তথা পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়।

Kati Bihu 2024: কাতি বিহুত আকাশ বন্তি কিয় জ্বলায়? এই বিহুৰ নীতি-নিয়ম তথা পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত আকাশ বন্তি কিয় জ্বলায়?

Published: 

14 Oct 2024 22:29 PM

‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে ।’ কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ’ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। “কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। ” অসমত পালন কৰা বিহু তিনিটা হ’ল: ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু। এই তিনিটা বিহুৰ ভিতৰত ৰঙালী বিহুত ৰঙ আনন্দৰ মাত্ৰা সৰ্বাধিক।

কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি। ছটুকুৰা সৰু ইকৰা বা নলৰ পাব লৈ ৰছীৰে সিঁ এটা পিৰামিড আকৃতিৰ গঠন সাজি লোৱা হয়। এই গঠনৰ তলৰফালে ওলোটা পিৰামিড আকৃতিৰ আন এক গঠন সজা হয়। ঔটেঙাৰ বখল বা মাটি চাকি দুয়োটা পিৰামিডৰ মাজৰ সমতল অংশত বা তলৰ ওলোটা পিৰামিডৰ শংকু অঞ্চলত ৰাখিব পাৰি। সাধাৰণতে এইদৰেই এই আকাশবন্তি সজা হয় আৰু ইয়াক পদূলিমূৰত ওখকৈ আঁৰি দিয়া হয়। মাজুলীৰ আউনীআটী সত্ৰত কাতিমাহত সমগ্ৰ মাহ ধৰি আকাশ বন্তি প্ৰজ্বলন কৰা হয়।

অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে । এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে । সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।

 

 

 

 

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...